ETV Bharat / sports

ভাৰতীয় দলৰ জাৰ্ছী পৰিধান কৰি প্ৰত্যাহ্বানৰ বাবে সাজু টি. নটৰাজন - ভাৰতীয় দলৰ জাৰ্ছী পৰিধান কৰি প্ৰত্যাহ্বানৰ বাবে সাজু টি. নটৰাজন

টেষ্ট মেচৰ প্ৰত্যাহ্বানৰ বাবে সাজু হৈ উঠা বুলি টুইটাৰৰ জৰিয়তে মন্তব্য কৰিছে টি. নটৰাজনে ৷ ভাৰতীয় দলৰ বগা জাৰ্ছী পৰিধান কৰি টুইটাৰত এক ফ'টো শ্বেয়াৰ কৰে নটৰাজনে ৷

টি. নটৰাজন
টি. নটৰাজন
author img

By

Published : Jan 5, 2021, 12:50 PM IST

স্পৰ্টছ ডেস্ক, 5 জানুৱাৰী : পেচাৰ টি. নটৰাজনে মঙলবাৰে কয় যে, তেওঁ পৰৱৰ্তী প্ৰত্যাহ্বানৰ বাবে অধিৰ আগ্ৰহেৰে বাট চাইছে আৰু ভাৰতীয় দলৰ বগা জাৰ্ছী পৰিধান কৰি এখন ফ'টো শ্বেয়াৰ কৰিছে ৷

টুইটাৰৰ জৰিয়তে নটৰাজনে এখন ফ'টো শ্বেয়াৰ কৰি কয়, "বগা জাৰ্ছী পৰিধান কৰি গৌৰৱাম্বিত হৈছো ৷ আহিবলগা প্ৰত্যাহ্বানৰ বাবে সাজু হৈছো ৷"

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰৱৰ্তী দুখন টেষ্ট মেচৰ বাবে দলত অন্তৰ্ভূক্ত কৰা হৈছে নটৰাজনক ৷ বাওঁহতীয়া পেচাৰগৰাকীক উমেশ যাদৱৰ স্থানত দলত অন্তৰ্ভূক্ত কৰা হৈছে ৷ উল্লেখ্য যে, মেলবৰ্ণত বক্সিং ডে' টেষ্টৰ তৃতীয় দিনা আঘাতপ্ৰাপ্ত হৈছিল যাদৱ ৷

মঙলবাৰে বিচিচিআইয়ে ঘোষণা কৰিছিল যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰৱৰ্তী দুখন টেষ্টৰ পৰা আঘাতৰ বাবে বাহিৰ হৈছে কে. এল. ৰাহুল ৷ এতিয়া তেওঁ দেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ লগতে বাংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীত চিকিৎসাৰ বাবে যাব ৷

উল্লেখ্য যে, দুয়োটা দলে এখনকৈ টেষ্ট মেচত জয়ী হোৱাৰ ফলত শৃংখলাত 1-1 ত সমতা স্থাপন কৰিছে ৷ আনহাতে, 7 জানুৱাৰীৰ পৰা ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত আৰম্ভ হ'ব শৃংখলাৰ তৃতীয়খন মেচ ৷

4 জানুৱাৰীৰ দিনা দুয়ো দল ছিডনীলৈ ৰাওনা হৈছে ৷ 2 আৰু 3 জানুৱাৰীত দুয়োটা দলে মেলবৰ্ণত অনুশীলন কৰিছিল ৷

ভাৰতীয় দল : আজিংকা ৰাহানে (অধিনায়ক), ৰোহিত শৰ্মা (সহ-অধিনায়ক), মায়ংক আগৰৱাল, পৃথ্বী শ্ব', কে. এল. ৰাহুল, চেতেশ্বৰ পূজাৰা, হনুমা বিহাৰী, শুভমন গীল, ঋধিমান ছাহা (উইকেট কীপাৰ), ঋষভ পন্ত (উইকেট কীপাৰ), জছপ্ৰীত বুমৰাহ, নৱদ্বীপ ছাইনী, কুলদ্বীপ যাদৱ, ৰবীন্দ্ৰ জাদেজা, আৰ. অশ্বিন, মহম্মদ ছিৰাজ, শ্বাৰদুল ঠাকুৰ, টি. নটৰাজন ৷

লগতে পঢ়ক : ভাৰত বনাম অষ্ট্ৰেলিয়া : শৃংখলাৰ পৰা বাহিৰ কে. এল. ৰাহুল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.