স্পৰ্টছ ডেস্ক, 18 ডিচেম্বৰ : ভাৰত বনাম অষ্ট্ৰেলিয়াৰ প্ৰথমখন দিবা-নৈশ টেষ্ট মেচৰ প্ৰথম ইনিংছত ভাৰতে সংগ্ৰহ কৰিলে 244 ৰাণ ৷ দ্বিতীয় দিনাৰ আৰম্ভণিত ভাৰতৰ নিম্নক্ৰমৰ বেটছমেনে বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম নহ'ল ৷
মিটছেল ষ্টাৰ্ক (21 অ'ভাৰত 4/53) আৰু পেট কামিনছে (21.1 অ'ভাৰত 3/48) দূৰ্দান্ত প্ৰদৰ্শনেৰে অন্তিম চাৰিগৰাকী ভাৰতীয় বেটছমেনক কেৱল 11 ৰাণ দি আউট কৰে ৷
সহ অধিনায়ক আজিংকা ৰাহানেৰ সৈতে ৰান সংগ্ৰহৰ সময়ত উইকেট হেৰুৱাই অধিনায়ক বিৰাট কোহলীয়ে ৷ ইয়াৰ ফলত 56 ৰাণত অন্তিম 7 টা উইকেট হেৰুৱাবলৈ বাধ্য হয় ভাৰতীয় দলটো ৷
শুকুৰবাৰে, ৰবীচন্দ্ৰন অশ্বিনে (15) কামিনছৰ বলত আউট হয় ৷ ইয়াৰ পাচতে ষ্টাৰ্কৰ বলত 9 ৰাণ কৰি আউট হয় ঋধিমান ছাহা ৷ উমেশ যাদৱ আৰু জছপ্ৰীতৰ বুমৰাহেও এটাকৈ চাৰি কোবাই উইকেট হেৰুৱায় ৷
লগতে পঢ়ক : ফিফাৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান দখল ৰবাৰ্ট লেৱানডাউস্কীৰ