ETV Bharat / sports

আজিৰ যুগত তেণ্ডুলকাৰে ১.৩০ লাখ ৰান কৰিলেহেঁতেন : আখতাৰ - শচীন তেণ্ডুলকাৰ

বৰ্তমান সময়ত ক্ৰিকেট জগতত প্ৰায়ে বিৰাট কোহলি আৰু বিশ্বৰ মহানতম বেটছমেন শচীন তেণ্ডুলকাৰৰ মাজত তুলনা কৰা দেখা পোৱা যায় । কিন্তু শেহতীয়াকৈ ইয়াৰ বিৰুদ্ধে মন্তব্য় প্ৰকাশ কৰিছে পাকিস্তানৰ ক্ৰিকেটাৰ ছোয়েব আখতাৰে । আখতাৰৰ মতে, যথেষ্ট শক্তিশালী বিৰোধী পক্ষৰ বিৰুদ্ধে বেটিং কৰিছিল শচীনে সেয়েহে দুয়ো খেলুৱৈৰ মাজত তুলনা নহয় বুলি উল্লেখ কৰে ।

আজিৰ যুগত তেণ্ডুলকাৰে ১.৩০ লাখ ৰান কৰিলেহেঁতেন : আখতাৰ

author img

By

Published : May 22, 2020, 11:56 AM IST

স্পৰ্টছ ডেস্ক, ২২ মে': শেহতীয়াকৈ বিৰাট কোহলিক শচীন তেণ্ডুলকাৰৰ সৈতে তুলনা কৰা সন্দৰ্ভত এক মন্তব্য প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন দ্ৰুতবেগী বলাৰ ছোয়েব আখতাৰে । আখতাৰে বৃহস্পতিবাৰে এক ভিডিঅ' চেটত সকলোকে শচীন আৰু বিৰাটৰ তুলনা নকৰিবলৈ আহ্বান জনায় । আখতাৰৰ মতে, ক্ৰিকেটৰ আটাইতকৈ কঠিন যুগত খেলিছিল শচীন তেণ্ডুলকাৰে ।

বৰ্তমান সময়ত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিক শচীনৰ পিচতেই দ্বিতীয় স্থান দিয়া দেখা পোৱা যায় । ইতিমধ্যে কিছুমান অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে বিৰাট কোহলিয়ে । কোহলিৰ সাম্প্ৰতিক সময়ৰ পৰিঘটনা সমূহক প্ৰসংশা কৰাৰ লগতে আখতাৰে কয়, "তেণ্ডুলকাৰে যথেষ্ট শক্তিশালী বিৰোধী পক্ষৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল । সেই বাবে দুয়োৰে তুলনা কৰিব পৰা নাযায় ৷"

তেণ্ডুলকাৰে ক্ৰিকেটৰ কঠিন যুগত বেটিং কৰিছিল । যদি শচীনে এতিয়া সুযোগ লাভ কৰিলে হয়, তেন্তে শচীনে ১.৩০ লাখ ৰান কৰিবলৈ সক্ষম হ'লহেঁতেন । সেয়েহে শচীন আৰু বিৰাটৰ মাজত তুলনা কৰা সঠিক নহয় -আখতাৰ

আখতাৰে ইয়াৰ বাহিৰে ২০০৩ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে শচীনৰ অৰ্ধশতকীয় ইনিংছৰ বিষয়ে উল্লেখ কৰে । আখতাৰে কয়, "মই শচীনৰ শতক সম্পূৰ্ণ হোৱাটো কামনা কৰিছিলো ।" সেই মেচখনত শচীন ৯৮ ৰানত আখতাৰৰ বলত আউট হৈছিল । ভাৰতে মেচখন ৬ উইকেটত জয় লাভ কৰিছিল ।

আখতাৰে কয়, "মই দুখ অনুভৱ কৰিছিলো শচীন ৯৮ ৰানত আউট হোৱাত । সেইটো এটা বিশেষ ইনিংছ আছিল । শচীনে শতক অৰ্জন কৰিব লাগিছিল মেচখনত । মই তেওঁৰ শতক হোৱাটো কামনা কৰিছিলো । সেই বাউঞ্চাৰ বলটোত মই এটা ছয় দেখিবলৈ পচন্দ কৰিলো হয় । পূৰ্বতে এবাৰ শচীনে তেনেকৈ কৰিবলৈ সক্ষম হৈছিল ৷"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.