ETV Bharat / sports

টি-২০ ত অভিলেখ আফগানিস্তানৰ - Ireland

আন্তঃৰাষ্ট্ৰীয় টি-২০ত সৰ্বোচ্চ ৰান কৰা দল হ'ল আফগানিস্তান

টি-২০ ত অভিলেখ আফগানিস্তানৰ
author img

By

Published : Feb 24, 2019, 4:16 AM IST

স্পৰ্টছ ডেস্ক, ২৩ ফেব্ৰুৱাৰীঃ শনিবাৰে টি-২০ ত ইতিহাস ৰচিলে আফগানিস্তানে । আয়াৰলেণ্ডৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় টি-২০ ত সৰ্বাধিক ৰান কৰা দল হ'ল আফগানিস্তান । দেৰহাদুনৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দ্বিতীয়খন টি-২০ত ২৭৮ ৰান কৰি অভিলেখ গঢ়িলে আফগানিস্তানে ।

ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় টি-২০ ত সৰ্বোচ্চ ৰান কৰা বিশ্ব অভিলেখ আছিল অষ্ট্ৰেলিয়াৰ । অষ্ট্ৰেলিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে ২০১৬ চনত ৩ উইকেটৰ বিনিময়ত ২৬৮ ৰান কৰিবলৈ সক্ষম হৈছিল ।

আনহাতে এই মেচতেই আফগানিস্তানৰ হজৰতুল্লা জাজাইয়ে ৬২ বলত অপৰাজিত ১৬২ ৰান কৰি আন্তঃৰাষ্ট্ৰীয় টি-২০ ৰ দ্বিতীয় সৰ্বোচ্চ ৰান খেলুৱৈৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় । এই ইনিংছত থাকে ১৬ টাকৈ আকাশলম্বী ছয় । যিটো কোনো খেলুৱৈৰ দ্বাৰা টি-২০ত ইনিংছত আটাইতকৈ বেছি ছয় মৰা অভিলেখ । ইপিনে জাজাইয়ে ৪২ বলত শতক অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় টি-২০ ত আটাইতকৈ দ্ৰুততম শতক অৰ্জন কৰা তৃতীয়জন খেলুৱৈৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হয় । আনহাতে এই মেচতেই প্ৰথম উইকেটৰ বাবে ২৩৬ ৰানৰ সহযোগিতা কৰি আন এক অভিলেখ গঢ়িবলৈ সক্ষম হয় হজৰতুল্লা আৰু উছমান ঘনীয়ে ।

undefined

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.