স্পৰ্টছ ডেস্ক, 17 নৱেম্বৰ: মেঘালয় আৰু মিজোৰামৰ মাজত অনুষ্ঠিত হোৱা চৈয়দ মুস্তাক আলী টি-20 ট্ৰফীত মেঘালয়ৰ খেলুৱৈৰ দুৰ্দান্ত বেটিং ৷ টুৰ্ণামেণ্টৰ দ্ৰুততম অৰ্ধশতক অৰ্জন কৰিলে অভয় নেগীয়ে ৷ 14 টা বলত অৰ্ধশতক কৰি অভিলেখ ৰচিলে মেঘালয়ৰ প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ৷ ইয়াৰ লগে-লগে ভাৰতত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰাৰ তালিকাত কে.এল ৰাহুলৰ অভিলেখৰ সমপৰ্যায় লাভ কৰাৰ বিপৰীতে ভংগ কৰে ৰবিন উথাপ্পাৰ অভিলেখ ৷ অভয় নেগীৰ দুৰ্দান্ত ইনিংছত থাকে 6 টা আকাশলম্বী ছয়ৰ লগতে 2 টা চাৰি ৷ তেওঁৰ বিস্ফোৰক ইনিংছৰ ফলতেই মেঘালয়ে চাৰি উইকেটৰ বিনিময়ত 207 ৰান কৰিবলৈ সক্ষম হয় ৷
-
🚨MUST WATCH : Meghalaya all-rounder Abhay Negi raised the fastest 50 in the @paytm #MushtaqAliT20 today in just 14 balls.😯
— BCCI Domestic (@BCCIdomestic) November 17, 2019 " class="align-text-top noRightClick twitterSection" data="
📹 - https://t.co/t0BhnLWEGo
">🚨MUST WATCH : Meghalaya all-rounder Abhay Negi raised the fastest 50 in the @paytm #MushtaqAliT20 today in just 14 balls.😯
— BCCI Domestic (@BCCIdomestic) November 17, 2019
📹 - https://t.co/t0BhnLWEGo🚨MUST WATCH : Meghalaya all-rounder Abhay Negi raised the fastest 50 in the @paytm #MushtaqAliT20 today in just 14 balls.😯
— BCCI Domestic (@BCCIdomestic) November 17, 2019
📹 - https://t.co/t0BhnLWEGo
ইপিনে 2018 আই পি এলত কিংছ ইলেভেন পাঞ্জাৱৰ হৈ ৰাহুলে গঢ়িছিল ভাৰতত দ্ৰুততম অৰ্ধশতক ৷ অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আটাইতকৈ দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা ভাৰতীয় খেলুৱৈ হৈছে যুৱৰাজ সিং ৷ 2007 বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে 12 টা বলত এই কৃতিত্ব গঢ়িছিল প্ৰাক্তন খেলুৱৈগৰাকীয়ে ৷