ETV Bharat / sports

তৃতীয়খন এদিনীয়াত ৩১৪ ৰানৰ লক্ষ্য ভাৰতক

উছমান খুৱাজাৰ শতকৰ বিনিময়ত অষ্ট্ৰেলিয়াৰ বৃহৎ স্কৰ

author img

By

Published : Mar 8, 2019, 6:56 PM IST

তৃতীয়খন এদিনীয়াত ৩১৪ ৰানৰ লক্ষ্য ভাৰতক

স্পৰ্টছ ডেস্ক, ৮ মাৰ্চঃ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ৰাঁচীত চলি থকা তৃতীয়খন এদিনীয়াত ৩১৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়অষ্ট্ৰেলিয়া দলটোৱে। টছত জয়ী হৈ ভাৰতে প্ৰথমে বেটিঙৰ নিমন্ত্ৰণ দিছিল অষ্ট্ৰেলিয়া দলটোক । অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰিবলৈ আহি সুন্দৰ বেটিঙৰ প্ৰদৰ্শন কৰি প্ৰথম উইকেটৰ বাবে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল১৯৩ ৰান । অষ্ট্ৰেলিয়াৰ হৈ উছমান খুৱাজাই শতক অৰ্জন কৰাৰ বিপৰীতে এৰণ ফিন্সে কৰে৯৩ ৰান । খুৱাজাই ১০৪ ৰান কৰি আউট হয় । অষ্ট্ৰেলিয়াই ৫ উইকেটৰ বিনিময়ত নিৰ্ধাৰিত ৫০ অভাৰত সংগ্ৰহ কৰিবলৈ সক্ষম হয়৩১৩ ৰান । ভাৰতৰ হৈ কুলদ্বীপ যাদৱে ১০ অভাৰত ৬৪ ৰান খৰচ কৰি সৰ্বাধিক ৩ টা উইকেট দখল কৰে ।

ইপিনে ভাৰতে এই লক্ষ্য অতিক্ৰম কৰিবলৈ আহি বিপৰ্যয়ৰ সন্মুখীন হয় । ভাৰতেশেহতীয়া খবৰ অনুসৰি ৩ টা উইকেট হেৰুৱাই কেৱল ৩৭ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে, পাঁচমেচৰ এদিনীয়া শৃংখলাত ২-০ অগ্ৰগতি লাভ কৰি আছে ভাৰতে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.