ETV Bharat / sports

ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে মনোনীত মিথালী আৰু অশ্বিন - Test cricket

ভাৰতীয় পুৰুষৰ ক্ৰিকেট দলৰ স্পীনাৰ আৰ আশ্বিন আৰু মহিলা ক্ৰিকেট দলৰ মিথালী ৰাজৰ নাম ৰাজীৱ গান্ধী খেল ৰত্ন সন্মানৰ বাবে বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ কথা প্ৰকাশ কৰিছে । আনহাতে ব'ৰ্ডে অৰ্জুন বঁটাৰ বাবেও ক্ৰিকেটাৰৰ নাম প্ৰেৰণ কৰিব ।

BCCI to recommend
খেল ৰত্নৰ বাবে মিথালী আৰু অশ্বিনক BCCIৰ পৰামৰ্শ
author img

By

Published : Jun 30, 2021, 7:45 PM IST

স্পৰ্টছ ডেস্ক, ৩০ জুন : দেশৰ ক্ৰীড়াক্ষেত্ৰৰ বিভিন্ন সন্মান যেনে অৰ্জুন বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন আদিৰ বিষয়ে আমি সকলোৱে জানো । প্ৰতিবাৰে দেশৰ ক্ৰীড়াক্ষেত্ৰত অৱদান আগবঢ়োৱা মহান খেলুৱৈ সকলৰ ভিতৰত নিৰ্বাচিত খেলুৱৈক প্ৰদান কৰা হয় এই সন্মান । খেলুৱৈসকলক উৎসাহ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ অৱদানক একপ্ৰকাৰ স্বীকৃতি প্ৰদান কৰা হয় এই ধৰণৰ সন্মানৰ জৰিয়তে । ইয়াৰ জৰিয়তে ইফালে নৱ প্ৰজন্মও ক্ৰীড়াৰ প্ৰতি আগ্ৰহী হোৱা দেখা যায় ।

ভাৰতীয় ক্ৰিকেটাৰ সকলৰো বহুজনে ইতিমধ্যে এই সন্মান লাভ কৰিছে । এইবাৰ ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ (Rajiv Gandhi Khel Ratna) বাবে দুগৰাকী ক্ৰিকেটাৰৰ নাম প্ৰেৰণ কৰাৰ কথা চিন্তা কৰিছে । ভাৰতীয় পুৰুষৰ ক্ৰিকেট দলৰ স্পীনাৰ ৰবিচন্দন আশ্বিন আৰু মহিলা ক্ৰিকেট দলৰ মিথালী ৰাজৰ নাম ৰাজীৱ গান্ধী খেল ৰত্ন সন্মানৰ বাবে বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ কথা প্ৰকাশ কৰিছে । আনহাতে, ব'ৰ্ডে অৰ্জুন বঁটাৰ বাবেও ক্ৰিকেটাৰৰ নাম প্ৰেৰণ কৰিব ।

বিগত বছৰত মনোনীত নোহোৱা ভাৰতীয় দলৰ বেটছমেন শিখৰ ধৱনৰ নাম প্ৰেৰণ কৰিব অৰ্জুন বঁটাৰ বাবে । আনহাতে বেটছমেন কে এল ৰাহুল আৰু পেচাৰ যশপ্ৰীত বুমৰাহৰ নামো ব'ৰ্ডে অৰ্জুন বঁটাৰ (Arjuna Award) মনোনয়নৰ বাবে প্ৰেৰণ কৰিব । বিচিচিআইয়ে (BCCI) জনোৱা মতে মহিলা ক্ৰিকেটাৰৰ নাম এইবাৰ অৰ্জুন বঁটাৰ বাবে মনোনিত কৰা হোৱা নাই । অৱশ্যে অলিম্পিক বৰ্ষত ক্ৰীড়া মন্ত্ৰালয়ৰ দ্বাৰা নিযুক্ত পেনেলৰ দ্বাৰা মিথালীক খেল ৰত্নৰ বাবে বাছনি কৰা হয় নে নাই সেয়া এতিয়াও নিশ্চিত নহয় ।

উল্লেখ্য যে মিথালী ৰাজে যোৱা সপ্তাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২২ বছৰ সম্পূৰ্ণ কৰিছে । ৩৮ বছৰীয়া খেলুৱৈ গৰাকীয়ে ৭০০০ ৰাণ সংগ্ৰহেৰে এদিনীয়াত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা মহিলা ক্ৰিকেটাৰ হিচাপে স্বীকৃতি লাভ কৰিছে । ইতিমধ্যে মিথালীৰ দৰে অৰ্জুন বঁটা প্ৰাপ্ত অশ্বিনও টেষ্ট ক্ৰিকেটত (Test cricket) ভাৰতৰ হৈ ধাৰাবাহিকভাৱে উল্লেখনীয় প্ৰদৰ্শন কৰি আহিছে । তেওঁ ৭৯ খন টেষ্টত ৪১৩ টা উইকেট দখল কৰাৰ উপৰিও এদিনীয়া আৰু টি-২০ ত ১৫০ আৰু ৪২ টা স্কেলপ দখল কৰিছে ।

অৱশ্যে সীমিত অভাৰৰ খেলত তেওঁ ভাৰতীয় দলটোত অন্তৰ্ভুক্ত নহয় । ইফালে শ্ৰীলংকাত আগন্তুক সীমিত অভাৰৰ শৃংখলাত ভাৰতীয় দলটোৰ হৈ অধিনায়কত্ব কৰিবলগীয়া শিখৰ ধৱন অৰ্জুন বঁটাৰ বাবে অগ্ৰণী । ৩৫ বছৰীয়া বাওঁহতীয়া বেটছমেন গৰাকীয়ে ১৪২ খন এদিনীয়াত ৫৯৭৭ ৰাণ সংগ্ৰহ কৰাৰ লগতে টেষ্টত ২৩১৫ ৰাণ আৰু টি-২০ ত ১৬৭৩ ৰাণ সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক : কোপা আমেৰিকা লীগত মেছিৰ আন এক দৰ্শনীয় খেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.