ETV Bharat / sports

Asian Games 2023 : এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱাই ভাৰতীয় মহিলা ক্ৰিকেট দলৰ স্বৰ্ণজয়

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 5:52 PM IST

হাংঝৌ এছিয়ান গেমছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সোণৰ পদক লাভ । ফাইনেলত শ্ৰীলংকা দলক ১৯ ৰাণত পৰাস্ত কৰি ভাৰতীয় দলটোৰ এই সফলতা । এছিয়ান গেমছত ইতিমধ্যে ভাৰতে কেইবাটাও শিতানত পদক লাভ কৰিছে ।

Asian Games 2023
এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱাই ভাৰতীয় মহিলা ক্ৰিকেট দলৰ স্বৰ্ণ লাভ

স্পৰ্টছ ডেস্ক,২৫ ছেপ্টেম্বৰ : দেশৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে ভাল খবৰ । চীনৰ হাংঝৌৰ পৰা আহিছে এই ভাল খবৰটো । হাংঝৌত চলি থকা এছিয়ান গেমছৰ ফাইনেলত ভাৰতৰ মহিলা ক্ৰিকেট দলৰ স্বৰ্ণ পদক লাভ । শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দলক ১৯ ৰাণত পৰাস্ত কৰি ভাৰতীয় মহিলা দলটোৱে সোণৰ পদক লাভ কৰে ।

শ্ৰীলংকাৰ মিডল অৰ্ডাৰ বেটছমেন হাচিনী পেৰেৰা আৰু নিলাক্ষী ডি চিলভাই এটা সহজ ইনিংছ খেলি শ্ৰীলংকাক লক্ষ্যৰ ওচৰলৈ লৈ গৈছিল । ইফালে শ্ৰীলংকাৰ বলিং অলৰাউণ্ডাৰ ওছাদি ৰাণাসিংহে বহু সময় ধৰি ক্ৰিজত থাকে যদিও অন্য দিশত ইজনৰ পাছত সিজন বেটছেমন পেভিলিয়নলৈ উভতি যায় ।

আনহাতে ভাৰতৰ গোটেই দলটোৰ সন্মিলিত প্ৰচেষ্টাৰ বাবে এক ঐতিহাসিক বিজয় পঞ্জীয়ন কৰাত সফল হয়। ভাৰতীয় বলাৰ তিতাছ সাধুৱে ৪ অভাৰত ৬ ৰাণ দি ৩ টা উইকেট দখল কৰে আৰু ৰাজেশ্বৰী গায়কোৱাড়ে দুটা উইকেট লৈ ভাৰতক ফাইনেলত সহজ বিজয় সাব্যস্ত কৰাত সহায় কৰে । ইফালে ভাৰতৰ হৈ দীপ্তি শৰ্মা, দেৱিকা বৈদ্য আৰু পূজা বস্ত্ৰকাৰে এটাকৈ উইকেট দখল কৰে ।

ইফালে প্ৰথমে বেটিং কৰি ভাৰতে নিয়মীয়াকৈ উইকেট হেৰুৱাই আৰু ২০ অভাৰৰ অন্তত ৭ টা উইকেট হেৰুৱাই মাত্ৰ ১১৬ ৰাণ সংগ্ৰহ কৰে । ভাৰতে ইনিংছৰ অন্তিম ৫ অভাৰত ৬ টা উইকেট হেৰুৱাই মাত্ৰ ২৭ ৰাণ হে সংগ্ৰহ কৰে । ভাৰতীয় মহিলা দলটোৰ বেটিং প্ৰভাৱশালী নাছিল যদিও ভাৰতৰ টপ অৰ্ডাৰ বেটছমেন স্মৃতি মান্ধানা আৰু জেমিমা ৰড্ৰিগছে শ্ৰীলংকাৰ স্পিনাৰৰ বিৰুদ্ধে অৰ্ধশতকৰ পাৰ্টনাৰশ্বিপ গঢ়িবলৈ সক্ষম হয় ।

অৰ্ধশতকলৈ মাত্ৰ ৪ ৰাণ থকাৰ সময়তে মান্ধানা আউট হয় । মান্ধানাৰ উইকেটৰ পাছতে দলটোৰ বাকীসকল বেটছমেনেও উন্নত প্ৰদৰ্শন কৰিব নোৱাৰিলে । কম সময়ৰ ব্যৱধানৰ ভিতৰতে হৰমনপ্ৰীত, পূজা বস্ত্ৰকাৰ, ৰড্ৰিগছ আৰু অমনজ্যোত কৌৰৰ উইকেটকেইটাও ভাৰতে হেৰুৱায় ।

অৱশ্যে ভাৰতীয় দলটোৰ বলিং অৰ্ডাৰ শক্তিশালী হোৱাৰ বাবেই কম টাৰ্গেটৰ পাছতো দলটোৱে খেলখনত শেষ হাঁহি মাৰিবলৈ সক্ষম হয় আৰু এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰে ।

লগতে পঢ়ক :Asian Games 2023: ৰোয়িং শিতানত এটাৰ পাছত আন এটা পদক ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.