ETV Bharat / sports

ট'কিঅ'ত স্বৰ্ণ জয় কৰাই প্ৰধান লক্ষ্য : পি. ভি. সিন্ধু

বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপছ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ পাছতে ট'কিঅ' অলিম্পিকলৈ নিজৰ প্ৰস্তুতি সম্পৰ্কত মন্তব্য কৰিছে ভাৰতৰ তাৰকা শ্বাটলাৰ পি. ভি. সিন্ধুয়ে ৷ কেৰালা চৰকাৰে সন্মান জনোৱা এক অনুষ্ঠানত অলিম্পিক সন্দৰ্ভত মন্তব্য কৰে সিন্ধুয়ে ৷

author img

By

Published : Oct 9, 2019, 4:42 PM IST

এক অনুষ্ঠানত পি. ভি. সিন্ধু

স্পৰ্টছ ডেস্ক, 9 অক্টোবৰ : বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপছ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ পাছতে ট'কিঅ' অলিম্পিকলৈ নিজৰ প্ৰস্তুতি সম্পৰ্কত মন্তব্য কৰিছে ভাৰতৰ তাৰকা শ্বাটলাৰ পি. ভি. সিন্ধুয়ে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সিন্ধুয়ে কয়, "ট'কিঅ' অলিম্পিক, 2022 ত পদক জয় কৰাই মোৰ প্ৰধান লক্ষ্য আৰু ইয়াৰ বাবে মই কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াব বিচাৰো ৷"

লগতে তেওঁ কয়, "চূডা়ন্ত লক্ষ্যটো হৈছে স্বৰ্ণ জয় কৰা, কিন্তু এয়া সহজ নহয় আৰু ইয়াৰ বাবে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন ৷"

কেৰালা চৰকাৰে তেওঁক সন্মান জনোৱাৰ বাবে আয়োজন কৰা এক অনুষ্ঠানত এই কথা সদৰী কৰে সিন্ধুয়ে ৷ এই অনুষ্ঠানতে কেৰালা অলিম্পিক এছ'চিয়েছনৰ সভাপতি ভি. সুনীলে সিন্ধুক 10 লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰে ৷

আগষ্টৰ 25 তাৰিখে বিশ্ব চেম্পিয়নশ্বিপছত স্বৰ্ণ জয়েৰে এই খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় সিন্ধু ৷ ছুইজাৰলেণ্ডত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপছৰ ফাইনেলত সিন্ধুয়ে জাপানৰ ন'জ'মি অকোহাৰাক 21-7, 21-7 ছেটত পৰাস্ত কৰিছিল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.