নিউজ ডেস্ক, ২৪ এপ্ৰিল: শীৰ্ষ ভাৰতীয় শ্বাটলাৰ পি. ভি. সিন্ধু আৰু ছাইনা নেহৱালে বুধবাৰে চীনৰ য়ুহানত অনুষ্ঠিত এছিয়া বেডমিন্টন চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে । অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক জয়ী সিন্ধুয়ে জাপানৰ টাকাহাছি ছায়াকাক পোনপটীয়া ছেটত পৰাস্ত কৰে । ২৮ মিনিটৰ যুঁজত ২১-১৪, ২১-৭ ছেটত সিন্ধুৱে জাপানৰ প্ৰতিপক্ষক ধৰাশায়ী কৰে । পৰবৰ্তী মেচত তেওঁ ইণ্ডোনেছিয়াৰ কইৰোনিছাৰ বিৰুদ্ধে প্ৰতিযোগিতাত নামিব । তেওঁৰ উপৰিও বিশ্বৰ নৱম ৰেংকিঙৰ ছাইনা নেহৱালে চীনৰ হান উইক ১২-২১, ২১-১১, ২১-১৭ ছেটত পৰাস্ত কৰে । লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ পদক দখলকাৰী ভাৰতীয় শ্বাটলাৰ গৰাকীয়ে পৰবৰ্তী মেচত দক্ষিণ কোৰিয়াৰ কিম ইউনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।

পুৰুষৰ শাখাত বিশ্বৰ ১৫ সংখ্যক স্থানৰ সমীৰ বৰ্মাই জাপানৰ ছাকাই কাজুমাছাক ২১-১৩, ১৭-২১, ২১-১৮ ছেটত পৰাস্ত কৰে । পৰবৰ্তী মেচত সমীৰে হংকঙৰ না কা অংগোছৰ বিৰুদ্ধে খেলিব । পুৰুষৰ দলীয় শাখাত ভাৰতৰ অৰ্জুন আৰু ৰামছদ্ৰন শ্লোক চীনৰ প্ৰতিপক্ষৰ বিৰুদ্ধে পৰাস্ত হয় । মহিলাৰ দলীয় শাখাতো মেঘানা আৰু পুৰ্ভীছা এছ ৰাম থাই প্ৰতিপক্ষৰ বিৰুদ্ধে পৰাস্ত হয় ।
