স্পৰ্টছ ডেস্ক,30 জুলাই : মঙলবাৰে থাইলেণ্ড অ'পেনৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে ভাৰতৰ বেডমিন্টন তাৰকা পি. ভি. সিন্ধুয়ে ৷ অলিম্পিকৰ ৰূপৰ পদক জয়ী শ্বাটলাৰ গৰাকীয়ে জুলাইৰ 31 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব লগা টুৰ্ণামেন্ট খনত অংশগ্ৰহণ নকৰে ৷ উল্লেখ্য যে,শেহতীয়াকৈ সিন্ধুয়ে ইণ্ডোনেছিয়া অ'পেনৰ ফাইনেল আৰু জাপান অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত জাপানৰ আকানে য়ামাগুছিৰ হাতত পৰাস্ত হৈছিল ৷ সিন্ধুৰ নাম প্ৰত্যাহাৰ সন্দৰ্ভত ভাৰতীয় বেডমিন্টন পৰিষদে টুইটাৰ যোগে এই কথা জানিবলৈ দিয়ে ৷ কিন্তু নাম প্ৰত্যাহাৰ সন্দৰ্ভত কোনো নিৰ্দিষ্ট কাৰণ দৰ্শোৱা নাই তাৰকা খেলুৱৈ গৰাকীয়ে ৷
আনহাতে, এই টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিব বিশ্ব ৰেংকিঙৰ সপ্তম স্থানৰ ছাইনা নেহৱালে ৷ বুধবাৰৰ পৰা ছাইনাই মহিলাৰ ছিংগলছৰ কোৱালিফায়িঙৰ যুঁজত নামিব ৷ ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা ইণ্ডোনেছিয়া অ'পেন আৰু জাপান অ'পেনৰ পৰা স্বাস্থ্যজনিত কাৰণত নাম প্ৰত্যাহাৰ কৰিছিল ছাইনা নেহৱালে ৷
-
. #ThailandOpenSuper500 #pvsindhu has withdrawn from #Thailand as the main rounds take off from today. Let's wish the 🇮🇳 shuttlers all the best. #IndiaontheRise #badminton pic.twitter.com/ZXSJzRZ81K
— BAI Media (@BAI_Media) July 30, 2019 " class="align-text-top noRightClick twitterSection" data="
">. #ThailandOpenSuper500 #pvsindhu has withdrawn from #Thailand as the main rounds take off from today. Let's wish the 🇮🇳 shuttlers all the best. #IndiaontheRise #badminton pic.twitter.com/ZXSJzRZ81K
— BAI Media (@BAI_Media) July 30, 2019. #ThailandOpenSuper500 #pvsindhu has withdrawn from #Thailand as the main rounds take off from today. Let's wish the 🇮🇳 shuttlers all the best. #IndiaontheRise #badminton pic.twitter.com/ZXSJzRZ81K
— BAI Media (@BAI_Media) July 30, 2019