নিউজ ডেস্ক, ৩০ মাৰ্চ: শনিবাৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত ইণ্ডিয়া অ'পেন ২০১৯ ৰ ছেমি ফাইনেলত কিডাম্বী শ্ৰীকান্থে পৰাস্ত কৰে চীনৰ হুৱাং ইউজিয়াঙক । ঘৰুৱা সমৰ্থকৰ মাজত অনুষ্ঠিত মেচখনত শ্ৰীকান্থে চীনৰ ইউজিয়াঙক ১৬-২১,২১-১৪,২১-১৯ ৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় ।
১ ঘন্টা ৩ মিনিটৰ তুমুল যুঁজত শ্ৰীকান্থে সুন্দৰ প্ৰদৰ্শনেৰে চীনৰ প্ৰতিপক্ষক ধৰাশায়ী কৰিবলৈ সক্ষম হয় ।