ETV Bharat / sports

কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিঙত সুমিত নাগল

author img

By

Published : Sep 30, 2019, 2:04 PM IST

এটিপি বুয়েনছ এয়াৰ্ছ টুৰ্ণামেন্টৰ খিতাপ দখল কৰি কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিঙত উপনীত ভাৰতীয় টেনিছ তাৰকা খেলুৱৈ সুমিত নাগল ৷

কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিঙত সুমিত নাগল

স্পৰ্টছ ডেস্ক, 30 ছেপ্টেম্বৰঃ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিঙত উপনীত হ’ল সুমিত নাগল ৷ 26 টা স্থানৰ অগ্ৰগতিৰে 135 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকীয়ে ৷ ইয়াৰ পূৰ্বে বিশ্ব ৰেংকিঙৰ 161 সংখ্যক স্থানত আছিল নাগাল ৷ আৰ্জেণ্টিনাত অনুষ্ঠিত হোৱা এটিপি বুয়েনছ এয়াৰ্ছ টুৰ্ণামেন্টৰ খিতাপ দখল কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় টেনিছ খেলুৱৈগৰাকীয়ে ৷

উল্লেখ্য যে, পুৰুষৰ ছিংগলছৰ ফাইনেলত ভাৰতীয় তাৰকা গৰাকীয়ে আৰ্জেণ্টিনাৰ খেলুৱৈ ফাকুণ্ডো বাগনিছক পৰাস্ত কৰি এই খিতাপ দখল কৰে ৷ 22 বৰ্ষীয় খেলুৱৈগৰাকীয়ে 1 ঘণ্টা 37 মিনিটলৈ চলা মেচখনত বাগনিছক 6-4, 6-2 ছেটত পৰাস্ত কৰি বুয়েনছ এয়াৰ্ছ এটিপি চেলেঞ্জাৰ খিতাপ দখল কৰা প্ৰথমগৰাকী এছিয়ান হিচাপে পৰিগণিত হয় ৷

উল্লেখ্য যে, শেহতীয়াকৈ গ্ৰেণ্ডশ্লামত ইউএছ অ'পেনৰ প্ৰথম ৰাউণ্ডত ৰ'জাৰ ফেডেৰাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈ অভিলেখ ৰচিবলৈ সক্ষম হৈছিল নাগালে ৷ এই মেচত ফেডেৰাৰৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ'লেও প্ৰথমটো ছেট জয় কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈৰ গৌৰৱ লাভ কৰিছিল নাগালে ৷

ETV SPORTS- IMAGE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.