স্পৰ্টছ ডেস্ক, ১২ ফেব্ৰুৱাৰীঃ দেশৰ মুঠ ৩৯ খন ৰাজ্যই অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত। ২০১০ চনৰ পাচত প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত হৈছে এই চেম্পিয়নশ্বিপ।
গুৱাহাটীত "৮৩ সংখ্য়ক চিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ" এই চেম্পিয়নশ্বিপৰ মুখ্য় আকৰ্ষণ হৈছে বিগত বৰ্ষৰ চেম্পিয়ন ছাইনা নেহৱাল আৰু উপ বিজেতা পি.ভি সিন্ধু । লগতে অসমৰ অশ্মিতা চলিহাৰ ওপৰতো অসমৰ ক্ৰীড়া প্ৰেমীৰ দৃষ্টি নিৱদ্ধ থাকিব । অৱশ্য়ে পুৰুষ শাখাত আঘাতপ্ৰাপ্তৰ বাবে প্ৰতিযোগিতাত অংশ গ্ৰহণৰ পৰা বিৰত থাকে বৰ্তমানৰ চেম্পিয়ন এছ এছ প্ৰণয় ।
উল্লেখ্য় যে, বি ডব্লিউ এফৰ বিশ্ব ৰেংকিঙৰ পুৰুষ আৰু মহিলাৰ ৫০ ৰেংকিঙৰ ভিতৰৰ খেলুৱৈ সকলৰ শীৰ্ষ আঠজন খেলুৱৈয়ে প্ৰত্য়ক্ষভাৱে প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ব ।