নিউজ ডেস্ক, ১৭ মাৰ্চ: আবু ধাবিত অনুষ্ঠিত হৈ থকা বিশেষ অলিম্পিকত দ্বিতীয় দিনাও ভাৰতৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত আছে । দ্বিতীয় দিনা ভাৰতীয় দলে ১৪ টা স্বৰ্ণ দখলেৰে মুঠ ৫৫ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় ৰোলাৰ স্কেটাৰ্ছৰ দলে ৯ টা স্বৰ্ণ, ১৩ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক লাভ কৰে । ভাৰত্তোলনত ২৩ টা পদক লাভ কৰাৰ বিপৰীতে চাইক্লিং আৰু জুডোত দুটাকৈ স্বৰ্ণ লাভ কৰে ।
![ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/images/2718480_1053_2c3499fb-223b-4430-a07e-b0ccbbf6de20.png)
এই দুই দিনত ভাৰতে সৰ্বমুঠ ৭০ টা পদক লাভ কৰিছে তাৰে ১৮ টা স্বৰ্ণ, ২২ টা ৰূপ আৰু ৩০ টা ব্ৰঞ্জ ।