স্পৰ্টছ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃমঙলবাৰে পুৰুষ শাখাত ডিফেণ্ডিং চেম্পিয়ন অমিত পংঘালে একেৰাহে দ্বিতীয়বাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে মহিলা শাখাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে পূৰ্বৰ জুনিয়ৰ বিশ্ব চেম্পিয়ন নিখত জৰীণ আৰু মীনা কুমাৰীয়ে । ষ্ট্ৰেনডজা মেমৰিয়েল টুৰ্ণামেণ্টত সোণৰ পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা বক্সাৰ হ'ল নিখত জৰীণ আৰু মীনা কুমাৰী ।
হাৰিয়ানাৰ অমিতে কাজাকাস্তানৰ টেমীৰতাছ ঝুচচুপ'ভক ৫-০ ব্যৱধানত পৰাস্ত কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় । আনহাতে ২২ বছৰীয়া নিখতে ৫১ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দী আয়ৰিছ মেগ্নক ৫-০ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে। নিখতৰ এইটো হৈছে দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় পদক ।
আনহাতে মীনা কুমাৰী দেবীও ৫৪ কিলোগ্ৰাম শাখাত আইৰা ভিলেগাছক ৩-২ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয় । ইপিনে ৰূপৰ পদকত সন্তুষ্ট থাকিব লগা হয় ৪৮ কিলোগ্ৰাম শাখাত মাঞ্জু ৰানীয়ে ।
উল্লেখ্য় যে, ৫১ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক লাভ কৰা নিখতে পুলৱামা আত্মঘাতী বোমা বিস্ফোৰণত নিহত হোৱা শ্বহীদৰ জোৱানৰ পৰিয়াললৈ উচৰ্গা কৰে পদকটো । ইয়াৰ আগতে সোমবাৰে ৬৪ কিলোগ্ৰাম শাখাত পি বসুমতাৰী, ৬০ কিলোগ্ৰাম শাখাত নীৰজ আৰু ৬৯ কিলোগ্ৰাম শাখাত লাভলীনা বৰগোঁহাইয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । ভাৰতে এই প্ৰতিযোগিতাত মুঠ ৩টা সোণ, ১টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদক জয় লাভ কৰিছে । ২০১৮ বৰ্ষত দুটা সোণৰ পদক সহ ভাৰতে মুঠ ১১ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।
