নিউজ ডেস্ক, ১১ মাৰ্চ: বিশ্ববিখ্যাত পুতলা নিৰ্মানকাৰী কোম্পানী বাৰ্বীৰ ৬০ তম বৰ্ষপূৰ্তি উপলক্ষে ভাৰতীয় জিমনাষ্ট দিপা কৰ্মকাৰক সন্মান জনোৱা হৈছে । ইয়াৰ লগতে সংগতি ৰাখি কোম্পানীটোৱে জিমনাষ্ট গৰাকীক উপহাৰ হিচাপে প্ৰদান কৰিছে তেওঁৰে প্ৰতিচ্ছবিসম্পন্ন বাৰ্বী পুতলা ।
এই অনুষ্ঠানত উপস্থিত হৈ দিপা কৰ্মকাৰে জনাই যে, বাৰ্বীয়ে সকলো মহিলাকে প্ৰত্যকটো খোজতে উৎসাহিত কৰি আহিছে । লগতে তেওঁ জনায় যে, এই সন্মান পাই তেওঁ নথৈ আনন্দিত আৰু নতুন প্ৰজন্মৰ মহিলা সকলক অনুপ্ৰেৰণা যোগাব চেষ্টা কৰিব ।