ৰঙিয়া,1 নৱেম্বৰ : ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আনিবলৈ এক ব্যতিক্ৰমী প্ৰয়াস । ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে ‘The Silent Killer’ (The চাইলেণ্ট কিলাৰ) নামেৰে এখন চুটি ছবি । সাম্প্ৰতিক সময়ত ড্ৰাগছে যুৱ প্ৰজন্মৰ মাজত নীৰৱ ঘাটকৰ ভূমিকা পালন কৰি আছে । ড্ৰাগছ সেৱন কৰা এচাম নৱ প্ৰজন্মৰ বাবে তেওঁলোকৰ পৰিয়াললৈ নামি আহে ঘোৰ অন্ধকাৰ । এই সকলোবোৰ সামৰি ড্ৰাগছৰ ভয়াৱহতা সকলোৱে উপলব্ধি কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে এই ছুটী ছবিখন ।
শেহতীয়াকৈ ড্ৰাগছৰ ট্ৰেনজিত পইণ্টত পৰিণত হৈছে ৰঙিয়া চহৰখন। ড্ৰাগছ সেৱন কৰি বহু যুৱক অসুস্থ হৈ চিকিৎসাধীন হোৱাৰ লগতে কৰুণভাৱে মৃত্যুকো আঁকোৱালি লৈছে । সেয়েহে সময় থাকোতেই নৱ প্ৰজন্মৰ লগতে অভিভাৱক সকলেও ড্ৰাগছৰ ভয়াৱহতাৰ প্ৰতি সচেতন হোৱাতো নিত্যান্তই প্ৰয়োজনীয় ।
ড্ৰাগছৰ সজাগতাক লৈ নিৰ্মাণ কৰা এই চুটি ছবিখনত বহু ন-পুৰণি শিল্পীৰ সমাহাৰ ঘটা পৰিলক্ষিত হৈছে ৷ সঙ্গীত স্কুল অৱ ড্ৰামাৰ বেনাৰত নিৰ্মাণ হোৱা ছবিখনৰ পৰিচালক পংকজ পল্লৱ শৰ্মা আৰু প্ৰযোজক নিপন ভূঞাৰ । সজাগতামূলক এই ছবিখন বৰ্তমান ইউ টিউবতো উপলব্ধ ৷
লগতে পঢ়ক : এইবাৰ অংক মাষ্টৰৰ ৰূপত বিধায়ক ৰকিবুল হুছেইন