ETV Bharat / sitara

হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গলৈ জন্মদিনৰ শুভেচ্ছা...

author img

By

Published : Nov 18, 2020, 7:45 AM IST

হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ইটিভি ভাৰত চিটাৰাৰ এক প্ৰতিবেদন...

zubeen garg
জুবিন গাৰ্গ

চিটাৰা ডেস্ক,18 নৱেম্বৰ : আজি 48 বছৰ বয়সত ভৰি দিলে অসমবাসীৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গে ৷ 1972 চনৰ আজিৰ দিনটোত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰা জুবিন গাৰ্গে ইতিমধ্যে জলিউডৰ লগতে তলিউড আৰু বলিউডতো নিজৰ কণ্ঠৰ যাদুৰে দৰ্শকক মোহিত কৰিছে ৷

অসমীয়া, বঙালী আৰু হিন্দী ভাষাৰ উপৰিও অন্য়ান্য বহু ভাষাৰ গানত কণ্ঠ নিগৰাইছে কণ্ঠশিল্পী গৰাকীয়ে ৷ 1992 চনত প্ৰথমটো গানৰ এলবাম ‘অনামিকা’ৰ জৰিয়তে তেওঁ সংগীতৰ জগতত ভৰি দিছিল ৷ অনামিকাৰে সংগীতৰ এই জয়যাত্ৰা আৰম্ভ কৰিছিল জুবিনে ৷ জুবিনৰ সকলো গানেই বিশেষকৈ অসমীয়া দৰ্শকৰ মাজত সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷

zubeen garg
জুবিন গাৰ্গ

কণ্ঠশিল্পীৰ উপৰিও জুবিন এগৰাকী সফল সংগীত পৰিচালক, ছবি নিৰ্দেশক আৰু সু-অভিনেতাও ৷ জুবিনৰ প্ৰথমটো হিন্দী গান ‘য়া য়ালী’য়ে বলিউডত সৰ্ববৃহৎ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল ৷

জুবিন এগৰাকী সমাজ কৰ্মীও ৷ ‘কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্য়ন’ নামৰ সংস্থাটোৰ তেওঁ এগৰাকী মূল অংশীদাৰ ৷ এই সকলোবোৰৰ উপৰিও জুবিন এগৰাকী ফুলবট প্ৰেমী হোৱা হেতুকে সময়ে সময়ে তেওঁ ফুটবল খেলা পৰিলক্ষিত হয় ৷ 2002 চনত গোলাঘাট নিৱাসী এগৰাকী ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় জুবিন গাৰ্গ ৷

zubeen garg and wife Garima Saikia Garg
জুবিন গাৰ্গ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গ

‘কা’ আন্দোলনৰ সময়ত এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গে ৷ কোনো সংগঠনৰ সহযোগিতা অবিহনেই অবিৰতভাৱে ‘কা’ৰ বিৰোধিতা কৰি আহিছে জুবিনে ৷

zubeen garg
জুবিন গাৰ্গ

55 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত তেওঁ ‘Echoes Of Silence’ ছবিখনৰ বাবে ‘বেষ্ট মিউজিক ডাইৰেক্টৰ’ সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰোপৰি সংগীত আৰু ছবি জগতত আগবঢ়োৱা অৱদানৰ বাবে বহু ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে জুবিন গাৰ্গে ৷ আনহাতে জুবিনৰ মুক্তিলাভ কৰিবলগীয়া ছবি ‘ড৹ বেজবৰুৱা’ত তেওঁক এগৰাকী আৰক্ষীৰ ভুমিকাত দেখা পাব ৷

zubeen garg
জুবিন গাৰ্গ

অসম তথা ভাৰতবাসীৰ মৰমৰ শিল্পী জুবিন গাৰ্গলৈ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা জন্মদিনৰ অলেখ শুভকামনা ৷

লগতে পঢ়ক : সাংবাদিক নিগ্ৰহ সন্দৰ্ভত কি ক’লে জুবিন গাৰ্গে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.