চিটাৰা ডেস্ক,20 জুনঃ শুকুৰবাৰে চিকাগ'ত গুলীবিদ্ধ হৈ মৃত্যু হ'ল ৰেপাৰ ট্ৰে চেভেজৰ ৷ হলীউড মিডিয়াৰ ৰিৰ্পট অনুযায়ী কুক কাউন্টি কন্ট্ৰী মেডিকেল এগাজামিনাৰ অফিচৰ এগৰাকী মুখপাত্ৰই ব্যক্ত কৰে যে, ৰেপাৰ ট্ৰে চেভেজ যাৰ প্ৰকৃত নাম কেন্ট্ৰে য়ংগ, তেঁওৰ শৰীৰত গভীৰ আঘাত লগাৰ ফলত শুকুৰবাৰে তেঁও মৃত্যুক সাৱটি লয় ৷
চিকাগ'ৰ এখন স্থানীয় বাতৰি কাকতে জনোৱা অনুসৰি, 26 বছৰীয়া ৰেপাৰ গৰাকীয়ে চাথমত দিনৰ 11 বজাত তেঁওৰ প্ৰেয়সীক এৰি অহাৰ পিছত ডিঙি আৰু বাহুত গুলী মাৰে কোনো দুৰ্বৃত্তই ৷
ৰিৰ্পোট অনুসৰি গুলী লগাৰ পিছতো চেভেজে সেই অৱস্থাৰে গাড়ী চলাই আহে, যেতিয়ালৈকে তেঁওৰ গাড়ীখন ৰয় তেতিয়ালৈকে তেঁও তিনিখন গাড়ীত খুন্দা মাৰে আৰু তাৰ পিছতে তেঁওক লৈ যোৱা হয় ইউনিভাৰ্চিটী অফ চিকাগ'ৰ মেডিকেল চেন্টাৰলৈ আৰু তাত তেঁওক মৃত ঘোষণা কৰা হয় ৷
প্ৰশাসনৰ মতে, ঘটনাস্থলীত উপস্থিত থকা মানুহে জনোৱা অনুসৰি গুলী মৰাৰ পিছতে এখন বগা এচ.ইউ.ভি গাড়ী বেগেৰে পাৰ হৈ যায় ৷
বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই যদিও আৰক্ষী প্ৰশাসনে এই সন্দৰ্ভত তদন্ত জাৰি ৰাখিছে ৷
লগতে পঢ়কঃ সুশান্তৰ আত্মহত্যা সন্দৰ্ভত ৰিয়া চক্ৰৱৰ্তীক সোধ-পোচ অব্যাহত আৰক্ষীৰ