ETV Bharat / sitara

জোনাকী নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেল সন্দৰ্ভত সংবাদমেল সম্বোধন - জোনাকী নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেল সন্দৰ্ভত সংবাদমেল সম্বোধন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ বিশেষ সংবাদমেল ৷ জোনাকী নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেল সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে বিভাগটোৱে ৷

press meet on jonaki north east film festival
জোনাকী নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেল সন্দৰ্ভত সংবাদমেল সম্বোধন
author img

By

Published : Feb 25, 2020, 6:48 PM IST

গুৱাহাটী,25 ফেব্ৰুৱাৰীঃ মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে এখন সংবাদমেল সম্বোধন কৰে । অহা ২৮ আৰু ২৯ ফেব্ৰুৱাৰীত এ টি হল আৰু পি ডি হলত অনুষ্ঠিত হ'বলগীয়া জোনাকী নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেল সন্দৰ্ভত সম্বোধন কৰে এই সংবাদমেল । সংবাদমেলত জোনাকীৰ মুখ্য সমন্বয়ক ৰাকেশ হালৈ আৰু প্ৰদীপ্ত দাসে কয় যে, অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ উত্তৰণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ দ্বাৰা দ্বিতীয়বাৰৰ বাবে লোৱা হৈছে এই ব্যতিক্ৰমী পদক্ষেপ । এইবাৰ ফিল্ম ফেষ্টিভেলত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ১২ খন ছবিৰ লগতে বহু কেইখন চুটি ছবিও প্ৰদৰ্শন কৰা হ'ব । তাৰোপৰি মুম্বাইৰ পৰাও বহু কেইখন ছবি প্ৰদৰ্শন কৰা হ'ব বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে । এই ছবি মহোৎসৱৰ লগত সংগতি ৰাখি চুটি ছবি প্ৰতিযোগিতা, এনিমেছন কৰ্মশালা আৰু কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে ।

জোনাকী নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেল সন্দৰ্ভত সংবাদমেল সম্বোধন

লগতে পঢ়কঃগুগলৰ এটা বিশেষ বিজ্ঞাপনত অসমৰ নৱাগত অভিনেতা অৰ্ঘদ্বীপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.