চিটাৰা ডেস্ক,৬ মাৰ্চ: ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী গৌহৰ খানে শুকুৰবাৰে ছচিয়েল মিডিয়াত এটি আৱেগিক পোষ্ট শ্বেয়াৰ কৰে । পিতৃ জাফাৰ আহমেদৰ বিয়োগত শোকত ভাগি পৰে অভিনেত্ৰীগৰাকী । বিগত সপ্তাহত স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল গৌহৰৰ পিতৃক । অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে জাফাৰ আহমেদে ।
পিতৃ বিয়োগৰ পাচতে খানে ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি লিখে 'মোৰ নায়ক ! আপোনাৰ দৰে কোনো মানুহ নাই, আলহামদুলিলাহ ! চিৰকালৰ বাবে মোৰ দেউতা । মই তোমাক বহুত ভাল পাওঁ । কেতিয়াও আপোনাৰ মহানুভৱ ব্যক্তিত্বৰ এক শতাংশও হ'ব নোৱাৰে' ।
লগতে পঢ়ক: আগন্তুক ছবি 'ফাইটাৰ'ৰ বাবে প্ৰস্তুতি চলাব ঋত্বিক ৰোছনে