চিটাৰা ডেস্ক,30 জুলাইঃ মাৰাঠী ছবি জগতৰ জনপ্ৰিয় অভিনেতা আশুতোষ ভাকেৰৰ আত্মহত্যা ৷ 32 বছৰ বয়সত চিপ লৈ আত্মহত্যা অভিনেতাগৰাকীৰ ৷ মহাৰাষ্ট্ৰৰ নান্দেৰস্থিত নিজা ঘৰত ফাঁচী লগাই আত্মহত্যা কৰে অভিনেতা গৰাকীয়ে ৷ অৱশ্যে বৰ্তমানলৈকে অভিনেতাগৰাকীৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই ৷ এই ঘটনাৰ পিছতে ভাগি পৰিছে আশুতোষৰ পৰিয়ালবৰ্গ ৷
![marathi actor Ashutosh bakhre comits sucide](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8227972_t.jpg)
বৰ্তমানলৈকে অহা খবৰ অনুসৰি বিগত কিছুদিনৰ পৰা হতাশাত ভাগি পৰিছিল অভিনেতা গৰাকী ৷ কিছুদিন পূৰ্বে ফেচবুকত তেওঁ এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল ,য'ত তেওঁ কৈছিল মানুহে আত্মহত্যা কিয় কৰে ৷
অভিনেতাগৰাকীৰ পত্নী ময়ূৰী দেশমুখো ছবি আৰু টেলিভিছন জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৷ 2016 চনত দুয়ো আবদ্ধ হৈছিল বিবাহপাশত ৷ আশুতোষৰ এনে এক আকস্মিক মৃত্যুৱে তেওঁৰসহ শিল্পী সকলক আচৰিত কৰি তুলিছে ৷
লগতে পঢ়কঃঅসম আৰু বিহাৰৰ বানাক্ৰান্তলৈ বিৰাট-অনুষ্কাৰ সাহাৰ্য