চিটাৰা ডেক্স,17 ছেপ্টেম্বৰঃ চনী টিভিৰ জনপ্ৰিয় ৰিয়েলিটী টিভি শ্ব "কৌন বনেগা কৰৌৰপতি " নাম কোনে নাজানে ৷ 2001 চনতে আৰম্ভ হোৱা"কৌন বনেগা কৰৌৰপতি" ৰিয়েলিটী শ্ব'টোৱে 10 টা ছিজন অতিক্ৰম কৰি এই বৰ্ষত ভৰি দিছে 11 সংখ্যক ছিজনত ৷ বিগ বি অমিতাভ বচ্চনে সুন্দৰ কৈ পৰিচালনা কৰা অনুষ্ঠানটো চাবলৈ বাট চাই থাকে দেশৰ কোটি কোটি জনসাধাৰণে ৷ সাধাৰণ এজন ব্যক্তিকো ক্ষণিকতে কোটিপতি বনাই দিব পৰা ক্ষমতা আছে এই বিশেষ অনুষ্ঠানটোৰ ৷
বৰ্তমান সম্প্ৰচাৰ চলি দৰ্শকৰ বহু প্ৰত্যাশিত অনুষ্ঠানটোৰ 11 সংখ্যক ছিজনৰ প্ৰথমজন কোটিপতি হ'ল বিহাৰৰ বাসিন্দা সনোজ ৰাজ ৷ সনোজ ৰাজে নিজৰ এই সফলতাৰ বাবে পিতৃৰ কৃতজ্ঞতা স্বীকাৰ কৰে ৷ সনোজে কয় যে, তেঁওৰ পিতৃয়ে পাৰিবাৰিক পৰিস্থিতিৰ বাবে নিজৰ পঢ়া-শুনা কৰিবলৈ সক্ষম হোৱা নাছিল ৷ লগতে তেঁও কয় যে, তেঁও এখন বিজ্ঞানসন্মত নাৰ্চাৰী খোলাৰ সপোন পুহি ৰাখিছে ৷
উল্লেখ্য যে, সনোজে দিল্লীত থাকি IAS ৰ বাবে প্ৰস্তুতি চলাই আছে ৷ সহজ জীৱন যাপনৰ জৰিয়তে উচ্চ চিন্তাধাৰা বৰ্তাই ৰখাৰ মনোবৃত্তি পোষণ কৰে সনোজ ৰাজে ৷ তেঁও জ্ঞানেই ক্ষমতা এই কথাষাৰত খুবেই বিশ্বাস কৰে ৷ তেঁও প্ৰকাশ কৰে যে, তেঁও জিকিব বুলি আত্মবিশ্বাসী আছিল লগতে তেঁও উল্লেখ কৰে যে, IAS পৰীক্ষাৰ বাবে কৰা প্ৰস্তুতিয়ে তেঁওক এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিলে ৷