ETV Bharat / sitara

ৰিম্পী দাসলৈ জন্মদিনৰ শুভেচ্ছা...

author img

By

Published : Oct 1, 2021, 8:30 AM IST

আজি মোহময়ী অভিনেত্ৰী তথা মডেল ৰিম্পী দাস(Rimpi Das)ৰ জন্মদিন ৷ ওপজা দিনত আহক জুকিয়াই চাও অভিনেত্ৰীগৰাকীৰ অভিনয় যাত্ৰাৰ মাজলৈ...

Birthday if Rimpi Das
ৰিম্পী দাসৰ জন্মদিন

চিটাৰা ডেস্ক, 1 অক্টোবৰ : অসমীয়া বোলছবি তথা ৰাষ্ট্ৰীয় টেলিভিশ্বন জগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী ৰিম্পী দাস(Rimpi Das) ৷ আজি 37 বছৰ বয়সত ভৰি দিলে অভিনেত্ৰীগৰাকীয়ে ৷ জলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী তথা মডেল ৰিম্পী দাসে 2004 চনত অসমীয়া চলচ্চিত্ৰ ‘মনত বিৰিণাৰ জুই’ৰ যোগেদি অভিনয় জগতত ভৰি দিছিল ৷

Rimpi Das
ৰিম্পী দাস

ইয়াৰ পাচতে অভিনয়ৰ যাত্ৰাত থমকি নোৰোৱাকৈ বহুকেইখন ছবিত কাম কৰাৰ সুযোগ লাভ কৰে ৰিম্পীয়ে ৷ বোলছবিত অভিনয় কৰাৰ উপৰিও ৰিম্পীয়ে বহু অসমীয়া ভিচিডি(VCD) আৰু অসমীয়া গীতত অভিনয় কৰিছে ৷ ভ্ৰাম্যমান থিয়েটাৰ(Bhramyaman Theatre)ৰ সৈতেও বিশেষভাৱে জড়িত ৰিম্পী ৷

Rimpi Das
ৰিম্পী দাস

2010 চনত তেওঁ পোনপ্ৰথমবাৰৰ বাবে কহিনুৰ থিয়েটাৰ(Kohinoor Theatre)ত অংশ লৈ থিয়েটাৰ জগততো দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ৷ ৰিম্পীয়ে অভিনয় কৰা জনপ্ৰিয় অসমীয়া বোলছবিসমূহৰ ভিতৰত আছে- ‘মন যায়’, ‘অজেয়’, ‘পলে পলে উৰে মন’, ‘জোন তৰা’, ‘গানে কি আনে’ আদি ৷

Rimpi Das
ৰিম্পী দাস

আনহাতে, অসমীয়া ভিচিডিসমূহৰ ভিতৰত আছে- ‘উৰণীয়া মন’, ‘ফাগুনী’, ‘জোনাকী মন’ ইত্যাদি ৷ সুদৃঢ় অভিনয় আৰু এক আকৰ্ষণীয় লুকৰ বাবে ৰিম্পীয়ে অৱশেষত ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰাৰ সুযোগ লাভ কৰিছিল ৷ BIG Magicত সম্প্ৰচাৰিত হিন্দী ধাৰাবাহিক ‘আকবৰ বীৰবল’(Akbar Birbal)ৰ পৰাই তেওঁৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অভিনয়ৰ যাত্ৰা আৰম্ভ হৈছিল ৷

Rimpi Das in Akbar Birbal
আকবৰ বীৰবলত ৰিম্পী দাস

ইয়াৰ পাচতে ষ্টাৰ প্লাছ(Star Plus)ত সম্প্ৰচাৰিত জনপ্ৰিয় আধ্যাত্মিক ধাৰাবাহিক ‘চিয়া কে ৰাম’(Siya Ke Ram)ত ‘পাৰ্বতী’ৰ চৰিত্ৰটো ৰূপায়ন কৰিছিল এইগৰাকীয়ে অভিনেত্ৰীয়ে ৷ পৰৱৰ্তী সময়ত কালাৰ্ছ(Colors)ত সম্প্ৰচাৰ হোৱা ‘মহাকালী- অন্ত হি আৰম্ভ হ্যে’(Mahakali — Anth Hi Aarambh Hai)ত ‘দেৱী গংগা’ৰ চৰিত্ৰত অভিনয় কৰিছিল ৰিম্পীয়ে ৷

Rimpi Das in Siya Ke Ram
চিয়া কে ৰামত ৰিম্পী দাস

ষ্টাৰ ভাৰত(Star Bharat)ত সম্প্ৰচাৰিত ‘সাৱধান ইণ্ডিয়া’(Savdhaan India)ৰ এটি খণ্ডতো অভিনয় কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ এগৰাকী অভিনেত্ৰীৰ উপৰিও ৰিম্পীয়ে নিজৰ শৰীৰ চৰ্চাৰ ওপৰত অধিক গুৰুত্ব দিয়ে ৷ সম্প্ৰতি মডেলিং আৰু ফটোশ্বুটত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে ৰিম্পীক ৷ ছ’চিয়েল মিডিয়াত সক্ৰিয় ৰিম্পীয়ে তেওঁৰ কামৰ খতিয়ান শ্বেয়াৰ কৰে ছ’চিয়েল মিডিয়া একাউণ্টৰ যোগেদি ৷

Rimpi Das in Mahakali
মহাকালীত ৰিম্পী দাস

ওপজা দিনৰ শুভক্ষণত সফলতা কামনা কৰি অভিনেত্ৰী ৰিম্পী দাসলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা থাকিল জন্মদিনৰ অলেখ শুভকামনা ৷

Rimpi Das
ৰিম্পী দাস

লগতে পঢ়ক : জনপ্ৰিয় কানাড়া আভিনেত্ৰী সৌজন্যৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.