চিটাৰা ডেস্ক,26 ডিচেম্বৰ : শুকুৰবাৰে নিশা অতি ধুম-ধামেৰে সম্পন্ন হয় নৱ বিবাহিত দম্পতী গৌহৰ খান আৰু জেইদ দৰবাৰৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান ৷ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাৰ হাতৰ পৰশেৰে প্ৰস্তুত কৰা আকৰ্ষণীয় ডিজাইনিং পোছাক পৰিধান কৰি অভ্যৰ্থনা অনুষ্ঠানত সকলোকে আকৰ্ষিত কৰি তোলে গৌহৰ-জেইদে ৷
পোছাক পিন্ধনত জেইদে ক’লা ৰঙৰ শ্বেৰৱানী পৰিধান কৰাৰ বিপৰীতে গৌহৰে সোণালী আৰু ৰঙা ৰঙৰ লেহেংগা পৰিধান কৰে ৷ ৰঙা ৰঙৰ দোপাত্তাৰে সৈতে জিলিকি উঠিছে গৌহৰ ৷
বৃহস্পতিবাৰে মুম্বাইত পৰম্পৰাগতভাৱে নিকাহ সম্পন্ন কৰে বিগ বছ 7ৰ বিজেতা অভিনেত্ৰী গৌহৰ খান আৰু নৃত্য কৰিঅ’গ্ৰাফাৰ জেইদ দৰবাৰে ৷ ইনষ্টাগ্ৰামযোগে ফটো শ্বেয়াৰ কৰি কেপচনত ‘কুবুল হ্যে’ বুলি উল্লেখ কৰে গৌহৰে ৷
দম্পতীটোৰ নিকাহৰ ফটো চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাচতে অলেখ গুণমুগ্ধই দুয়োকে অভিনন্দন জনায় ৷ আনহাতে, আন একাংশই দুয়োকে সমালোচনা কৰাও পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : আমিৰ খানৰ পাচত 'বিক্ৰম বেধা'ৰ ৰিমেকত ঋত্বিক ৰোচনৰ এন্ট্ৰি