ETV Bharat / sitara

৫২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নিৰ্বাচিত অসমৰ চাৰি ছবি

author img

By

Published : Nov 6, 2021, 9:03 AM IST

গোৱাত অনুষ্ঠিত হ’বলগীয়া 52 সংখ্যক আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নিৰ্বাচিত হৈছে আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত ‘চেমখৰ’ ছবিখন ৷ ইয়াৰোপৰি নন ফিচাৰ ছবিৰ শিতানত নিৰ্বাচিত হৈছে বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত মিছিং ছবি ‘বুম্বা ৰাইড’ ৷

IFFI
৫২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নিৰ্বাচিত অসমৰ চাৰি ছবি

চিটাৰা ডেস্ক, 6 নৱেম্বৰ : চলচিত্ৰপ্ৰেমীসকললৈ সুখবৰ ৷ ভাৰতীয় পেনোৰামাৰ 52 সংখ্যক আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নিৰ্বাচিত হৈছে অসমৰ চাৰিখনকৈ ছবি ৷ এইবেলি গোৱাত অনুষ্ঠিত হ’বলগীয়া এই চলচিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত ‘চেমখৰ’ ছবিখন ৷ উল্লেখ্য যে, এই ছবিখন ডিমাচা ভাষাত নিৰ্মাণ কৰা হৈছিল ৷

তদুপৰি তালিকাত আছে বিশাল পি চলিহা পৰিচালিত বড়ো ছবি ‘ছিজৌ’, কিশোৰ কলিতা পৰিচালিত অসমীয়া ছবি ‘বীৰাংগণা’ ৷ এই তিনিওখন ছবি ফিচাৰ ছবিৰ শিতানত নিৰ্বাচিত হৈছে ৷ইয়াৰোপৰি নন ফিচাৰ ছবিৰ শিতানত নিৰ্বাচিত হৈছে বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত মিছিং ছবি ‘বুম্বা ৰাইড’ ৷

ইণ্ডিয়ান পেনোৰামাৰ বাবে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়াই নিৰ্বাচিত ছবি সমূহৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৷ ভাৰতীয় Directorate of Film Festivals of India, Ministry of Information and Broadcasting, Government of India আৰু গোৱা চৰকাৰৰ সহযোগত ২০-২৮ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব 52 সংখ্যক আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ(IFFI) ৷

প্ৰায় 221 খন ফিচাৰ ছবিৰ মাজৰ পৰা 25 খন নিৰ্বাচিত হৈছে এই ছবি মহোৎসৱলৈ ৷ ‘চেমখৰ’ তালিকাভূক্ত হৈছে ফিচাৰ ছবিৰ শিতানত ৷ আনহাতে, 203 খন নন ফিচাৰ ছবিৰ মাজৰ পৰা মহোৎসৱলৈ নিৰ্বাচিত হৈছে 20 খনকৈ ছবি ৷ মিছিং ছবি বুম্বা ৰাইডে এই শিতানত নিৰ্বাচিত হয় ৷ নন ফিচাৰ ছবিৰ সাতজনীয়া জুৰীত স্থান লাভ কৰিছে ডকুমেণ্টৰী ফিল্মমেকাৰ, জ্যেষ্ঠ সাংবাদিক শিৱাণু বৰা আৰু ছবি সমালোচক সুব্ৰতজ্যোতি নেওগে ৷

লগতে চাওক: লছ এঞ্জেলছত স্বামী নিকৰ সৈতে দীপাৱলী উদযাপন কৰিলে প্ৰিয়ংকা চোপ্ৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.