ETV Bharat / sitara

সৰুসজাইত ফিল্মফেয়াৰ এৱাৰ্ডঃ অৱজ্ঞা কৰা হৈছে নেকি ন্যায়ালয়ৰ নিৰ্দেশনাক !

পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব লগীয়া 65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠান অনুষ্ঠিত হ'ব অসমত। সৰুসজাই ক্ৰিয়া প্ৰকল্পত অনুষ্ঠিত হ'ব এই অনুষ্ঠান। বিভিন্ন আলোচনা বিতৰ্কৰ মাজেৰে অনুষ্ঠিত হৈছে ফিল্মফেয়াৰ অনুষ্ঠান ৷ শেহতীয়াকৈ এটা প্ৰশ্ন উত্থাপিত হৈছে যে,এই ফিল্মফেয়াৰ এৱাৰ্ডে অৱজ্ঞা কৰিছে নেকি ন্যায়ালয়ৰ নীতি-নিৰ্দেশনা ?

author img

By

Published : Feb 14, 2020, 8:41 PM IST

FILM FARE AWARD AND STADIUM CONFLICT
সৰুসজাইত ফিল্মফেয়াৰ এৱাৰ্ড

গুৱাহাটী,14 ফেব্ৰুৱাৰীঃ বলীউড তাৰকাৰে ভৰিব সৰুসজাই ক্ৰিয়া প্ৰকল্প। কিন্তু খেলৰ বাবে নহয় চলচ্চিত্ৰৰ অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে আহিব বলীউডৰ কলা কুশলী সকল। পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'ব লগীয়া 65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠান অনুষ্ঠিত হ'ব অসমত। সৰুসজাই ক্ৰিয়া প্ৰকল্পত অনুষ্ঠিত হ'ব এই অনুষ্ঠান।

সৰুসজাইত ফিল্মফেয়াৰ এৱাৰ্ড
বিভিন্ন আলোচনা বিতৰ্কৰ মাজেৰে অনুষ্ঠিত হৈছে ফিল্মফেয়াৰ অনুষ্ঠান ৷ শেহতীয়াকৈ এটা প্ৰশ্ন উত্থাপিত হৈছে যে,এই ফিল্মফেয়াৰ এৱাৰ্ডে অৱজ্ঞা কৰিছে নেকি ন্যায়ালয়ৰ নীতি-নিৰ্দেশনা ।ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সৰুসজাই ক্ৰিয়া প্ৰকল্পৰ অন্তৰ্গত কোনো এলেকাত ক্ৰিয়া বিষয়ক বিষয়বস্তু বাদে অন্য সাংস্কৃতিক অনুষ্ঠান অথবা যিকোনো অনুষ্ঠান অনুষ্ঠিত কৰাৰ নিৰ্দেশনা নাই উচ্চতম ন্যায়ালয়ৰ। এই কথা সদৰী কৰিলে অধিবক্তা শান্তনু কুমাৰ সৰকাৰে।বিভিন্ন মহলত এতিয়া চৰ্চা চলিছে এই বিষয়ক লৈ। চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি অনুষ্ঠিত কৰিবলৈ লোৱা এই ফিল্ম ফেয়াৰ অনুষ্ঠানক লৈ ভিন্ন জনৰ প্ৰতিক্ৰিয়া । অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাই এই বিষয়টোৰ সন্দৰ্ভত কয় যে পূৰ্বতেও এনে ঘটনাৰ নজিৰ আছে আৰু প্ৰথমৰে পৰা প্ৰতিবাদ কৰি আহিছে সৰুসজাই ক্ৰিয়া প্ৰকল্পত এনে অনুষ্ঠান অনুষ্ঠিত কৰাক লৈ। লগতে সৰুসজাই ক্ৰিয়া প্ৰকল্পত এনে অনুষ্ঠান অনুষ্ঠিত কৰাক লৈ দুখিত বুলিও মন্তব্য কৰে অৰ্জুন বঁটা বিজয়ী গৰাকীয়ে। এতিয়া কোনে কাক দোষ দিব,কাৰ ওচৰলৈ যাব জনতা। এই চৰকাৰৰ নিৰ্দেশনাত যদি এনেদৰে সংঘটিত হয় এনেধৰণৰ ঘটনা তেন্তে কাৰ ওপৰত আস্থা ৰাখিব অসমৰ জনতাই। এনেদৰেই অনুষ্ঠিত হ'ব 65 সংখ্যক ফিল্ম ফেয়াৰ বঁটা বিতৰণ অসমত ক্ৰিয়া প্ৰকল্পৰ ভিতৰত। বৌদ্ধিক মহলত এই বিষয় চৰ্চা হ'লেও এতিয়াও এই বিষয়কলৈ জনসাধাৰণৰ ওচৰত স্পষ্টীকৰণ দাঙি ধৰা নাই চৰকাৰখনে ৷

লগতে পঢ়কঃকাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব 65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.