গুৱাহাটী,20 জুনঃ ক্ৰমাৎ বৃদ্ধি পাই অহা সামাজিক সংকট,জাতি ভেদৰ কপটতা কিম্বা ধৰ্ম ব্যৱসায়ীৰ আধিপত্যৰ এই দুৰ্বিষহ বৰ্তমানত প্ৰতিগৰাকী পৰিৱৰ্তনকামী জনতাই বিচাৰিছে এক সংস্কাৰমুখী সাংস্কৃতিক আন্দোলন। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি-কৰ্ম সহৃদয়তাৰে ৰোমন্থিত কৰি ৰাভা দিৱসৰ এই ক্ষণত যেন অধিক প্ৰাসংগিক হৈ পৰে এনে ভাৱধাৰা আৰু এনে প্ৰেক্ষাপটতে সচেতনজনে উভতি চাই ভাৰতীয় গণনাট্য সংঘৰ মঞ্চৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ দিহিঙে দিপাঙে আৰম্ভ কৰা সাংস্কৃতিক আন্দোলনৰ সময়ছোৱালৈ ।
1944 চনত অসমত গঠন হৈছিল ভাৰতীয় গণনাট্য সংঘ অৰ্থাৎ Indian People's Theatre Associationৰ অসম শাখা ৷ ইয়াৰ প্ৰথম গৰাকী সভাপতি আছিল জ্যোতিপ্ৰসাদ আগৰৱালা । ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ পিছত 1951 চনত সভাপতিৰ দায়িত্ব লয় বিষ্ণুপ্ৰসাদ ৰাভাই । সেই সময়তে ৰাভা জড়িত আছিল আৰ চি পি আইৰ লগত আৰু এক সংস্কাৰ মুখী আন্দোলনৰ বাবে হাতে কামে আগবাঢ়িছিল ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাটো।
কিন্তু অতি লক্ষণীয়ভাৱে শেহতীয়া সময়ত স্তিমিত হৈ পৰিল পৰিৱৰ্তনকামী সংগ্ৰামী সেনানীৰ সংগঠন- গণনাট্য সংঘ । জ্যোতি প্ৰসাদ আগৰৱালা,বিষ্ণু প্ৰসাদ ৰাভাৰ সভাপতিত্বত প্ৰাণ পাই উঠা ভাৰতীয় গণনাট্য সংঘ বৰ্তমান অতীত হ'ল ৷গণনাট্যৰ একালৰ পাণবজাৰৰ কাৰ্যালয়তে অনুশীলন চলিছিল ডঃ ভূপেন হাজৰিকাৰ 'জিলিকাই লুইতৰ পাৰ' গীতৰ । 'মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাৱে' 'ৰংমন মাছ লৈ গল' আদি গীতৰ সৃষ্টিৰ লগত জড়িত হৈ আছে গণনাট্য সংঘৰ আন্দোলনৰ সেই যুগমীয়া সময়। কিন্তু এতিয়া যেন সেই দিন নাই ৷ এই সংগঠনটোৰ কাৰ্যালয়লৈ যাবলৈকে এতিয়া মানুহৰ অভাৱ ৷ ৰাভা দিৱসৰ এই ক্ষণত প্ৰতিজন সচেতন নাগৰিকৰ মন-মগজু চুই গৈছে এই অৱধাৰিত প্ৰশ্নই।
লগতে পঢ়কঃ লক ডাউনৰ মাজতে ধুমুহাৰ দুৰন্ত গতি