ETV Bharat / sitara

চাদউইক বোচমেনৰ 1 মিলিয়ন মাৰ্কিন ডলাৰৰ উত্তৰাধিকাৰী তেওঁৰ পত্নী

author img

By

Published : Nov 21, 2020, 10:06 AM IST

মৃত্যুৰ পূৰ্বে নিজ পত্নীক সকলো সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে স্বীকৃতি দিয়ে হলিউড তাৰকা চাদউইক বোচমেনে ৷ বোচমেনৰ পত্নী টেইলৰ চিম’ন লেডৱাৰ্ডে বিগত অক্টোবৰত এক গোচৰ ৰুজু কৰাৰ পাচত সীমিত অধিকাৰৰ সৈতে বোচমেন সাম্ৰাজ্যৰ স্বত্বাধিকাৰীৰ নাম প্ৰকাশ কৰিবলৈ ন্য়ায়াধীশক অনুৰোধ জনায় ৷

চাদউইক বোচমেনৰ 1 মিলিয়ন মাৰ্কিন ডলাৰৰ উত্তৰাধিকাৰী তেওঁৰ পত্নী
চাদউইক বোচমেনৰ 1 মিলিয়ন মাৰ্কিন ডলাৰৰ উত্তৰাধিকাৰী তেওঁৰ পত্নী

চিটাৰা ডেস্ক,21 নৱেম্বৰ: হলিউড তাৰকা চাদউইক বোচমেনে মৃত্যুৰ পূৰ্বে তেওঁৰ সকলো সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে বিধৱা পত্নীক স্বীকৃতি দিয়ে ৷

পেজ চিক্সে সদৰি কৰা মতে,বোচমেনৰ পত্নী টেইলৰ চিম’ন লেডৱাৰ্ডে বিগত অক্টোবৰত এক গোচৰ ৰুজু কৰিছিল,কিয়নো 'Black Panther'ৰ তাৰকা গৰাকীৰ অকাল মৃত্যু হৈছিল ৷ ইয়াৰ পাচতে তেওঁ সীমিত অধিকাৰৰ সৈতে বোচমেন সাম্ৰাজ্যৰ উত্তৰাধিকাৰীৰ নাম প্ৰকাশ কৰিবলৈ ন্য়ায়াধীশক অনুৰোধ জনায় ৷

বৃহস্পতিবাৰে বোচমেনৰ মৃত্যুৰ আইনী আবেদন মঞ্জুৰ হোৱা বুলি পেজ চিক্সে নিশ্চিতৰূপে প্ৰকাশ কৰে ৷ ন্য়ায়াধীশে 9,39,000 মাৰ্কিন ডলাৰৰ নিৰ্দেশ দিয়ে আৰু লেডৱাৰ্ডক চুড়ান্ত সিদ্ধান্তৰ বাবে আগন্তুক 2022 চনৰ 22 ফেব্ৰুৱাৰীলৈ সময়সীমা বান্ধি দিয়ে ৷ বোচমেন সাম্ৰাজ্যৰ আনুমানিক মূল্য 9,38,500 মাৰ্কিন ডলাৰ হিচাপে তালিকাভুক্ত কৰা হৈছে ৷

বোচমেনে তেওঁৰ পিতৃ-মাতৃ, লেৰয় আৰু কেৰ’লিন বোচমেন আৰু পত্নী লেডৱাৰ্ডক ইহ সংসাৰত এৰি থৈ যায় ৷

পেজ চিক্সত উল্লেখিত অনুসৰি,'Ma Rainey's Black Bottom'ৰ তাৰকা বোচমেনে 43 বছৰ বয়সত বিগত 28 অক্টোবৰত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্য়ুবৰণ কৰে ৷ মৃত্য়ুৰ পূৰ্বে তেওঁ দীৰ্ঘদিনীয়া প্ৰেয়সীক গোপনভাৱে বিয়া কৰাইছিল ৷

লগতে পঢ়ক : ষট পূজাৰ শুভেচ্ছা জ্ঞাপন বলিউড তাৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.