ETV Bharat / sitara

Bigg Boss OTT : শমিতাৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুখ খুলিছে ৰাকেশে

বিগ বছ অ’টিটিৰ(Bigg Boss OTT) আৰম্ভণিৰে পৰা বন্ধুত্ব আৰু ৰোমাণ্টিক মূহুৰ্তৰে দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰা প্ৰতিযোগী ৰাকেশ বাপট(Raqesh Bapat) আৰু শমিতা চেট্টীৰ(Shamita Shetty) মাজত এই কেইদিন বিচ্ছেদ ঘটা দেখা গৈছে ৷ দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটাও পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ সম্প্ৰচাৰ হোৱা এটা ক্লিপত ৰাকেশক নেহা ৱাছিনৰ সৈতে তেওঁ শমিতাৰ সৈতে কটোৱা সুন্দৰ মূহুৰ্তবোৰ শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে ৷

Raqesh Bapat opens up on strenuous bond with Shamita Shetty
শমিতাৰ সৈতে থকা সম্পৰ্কৰ মুখ খুলিছে ৰাকেশে
author img

By

Published : Sep 12, 2021, 4:25 PM IST

চিটাৰা ডেস্ক, 12 ছেপ্তেম্বৰ : বিগ বছ অ’টিটিৰ(Bigg Boss OTT) প্ৰতিযোগী অভিনেতা ৰাকেশ বাপটক(Raqesh Bapat) শেহতীয়াকৈ সহ-প্ৰতিযোগী শমিতা চেট্টীৰ(Shamita Shetty) সৈতে গঢ়ি উঠা সম্পৰ্কৰ কথা প্ৰকাশ কৰা দেখা গৈছে ৷ বন্ধুত্ব আৰু ৰোমাণ্টিক মূহুৰ্তৰে দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰা প্ৰতিযোগী ৰাকেশ বাপট(Raqesh Bapat) আৰু শমিতা চেট্টীৰ(Shamita Shetty) মাজত বিগত কিছুদিনৰ পৰা কাজিয়া কৰা পৰিলক্ষিত হৈছে ।

ইয়াৰ পূৰ্বে ৰাকেশ আৰু শমিতাৰ সম্পৰ্কই দৰ্শকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৷ কিন্তু কিছুদিনৰ পৰা দুয়োৰে মাজত ঘটা মনো-মালিন্যই দুয়োৰে লগতে অনুৰাগীসকলৰ মনতো দুখ দিছে ৷ শেহতীয়াকৈ সম্প্ৰচাৰ হোৱা এটা ক্লিপত ৰাকেশে নেহা ৱাছিনৰ সৈতে তেওঁ শমিতাৰ সৈতে কটোৱা সুন্দৰ মূহুৰ্তবোৰ শ্বেয়াৰ কৰে ৷

ৰাকেশে নেহা ভাছিনক কৈছে, ‘‘মই কেতিয়াও সম্পৰ্কত থাকিব বিচৰা নাছিলো ৷ মই তেওঁক প্ৰতিবাৰেই আটাইতকৈ সমৰ্থন কৰি আহিছো ৷ যেতিয়াই তেওঁ ভাঙি পৰিছিল মই তেওঁৰ সৈতে আছিলো । কিন্তু তেওঁ আশা নকৰাই ভাল যে প্ৰতিবাৰেই মই তেওঁৰ বাবে মাত মাতিম । তেৱোঁ মোৰ সৈতে থকাতো প্ৰয়োজন আছিল’’ ৷

ৰাকেশে আগতেই তেওঁৰ বিবাহ বিচ্ছেদ হোৱাৰ পাচত জীৱনটো এক অন্য ধৰণে কটোৱাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰিছিল ৷ এই সিদ্ধান্তই ৰাকেশক গভীৰভাৱে প্ৰভাৱিত কৰিছিল । লগতে ৰাকেশে নেহাক কয়, ‘‘মই শমিতাক কৈছিলো যে দুটা ভাঙি যোৱা হৃদয় ইয়ালৈ একেলগে আহিছো । সেয়েহে শব্দ হোৱাতো অনিবাৰ্য’’ ৷

বিগ বছ অ’টিটিৰ আৰম্ভণিৰ পৰাই ৰাকেশ-শমিতাৰ মাজত এক ভাল সংযোগ ঘটিছিল ৷ পিছলৈ দুয়োৰে মাজত ভুল বুজাবুজি হোৱা দেখা গ’ল ৷ আগলৈ দুয়োৱে কেনেদৰে এই ভুল বুজাবুজিৰ অন্ত পেলাব সেয়াহে লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক: পিভি সিন্ধুৰ সৈতে নৈশ আহাৰ গ্ৰহণ ৰণবীৰ-দীপিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.