ETV Bharat / sitara

বিগ বছ : অভব্য আচৰণ প্ৰদৰ্শন কৰি শ্ব’ৰ পৰা বাহিৰ হোৱা প্ৰতিযোগীসকল - প্ৰতিযোগী

অভব্য আচৰণ আৰু অশ্লীল মন্তব্য প্ৰদান কৰি বিগ বছৰ পৰা বাহিৰ হোৱা প্ৰতিযোগীসকলৰ এক চমু অৱলোকন...

Bigg Boss
বিগ বছ
author img

By

Published : Dec 18, 2020, 2:23 PM IST

চিটাৰা ডেস্ক,18 ডিচেম্বৰ : টেলিভিশ্বনৰ বিতৰ্কিত ৰিয়েলিটি শ্ব’ বিগ বছৰ প্ৰতিটো চিজনতে প্ৰতিযোগীসকলৰ মাজত অগ্ৰহণযোগ্য, অশ্লীল শব্দ প্ৰয়োগ কৰা দেখা পোৱাৰ লগতে শাৰীৰিক আৰু মানসিক হাৰাশাস্তি সদৃশ এখন নাটকো পৰিলক্ষিত হয় ৷ ইয়াৰ ফলস্বৰূপে নিয়ম ভংগকাৰী প্ৰতিযোগীসকলক বিগ বছে শাস্তি বিহে আৰু সীমা চেৰ পেলোৱাসকলক বিগ বছৰ পৰা বাহিৰ কৰি দিয়া হয় ৷

বিগবছৰ ইতিহাসত নিয়ম উলংঘা কৰি শ্ব’ৰ পৰা বাহিৰ হোৱা প্ৰতিযোগীসকল-

বিকাশ গুপ্তা : বিগ বছৰ ‘মাষ্টাৰ মাইণ্ড’ খ্যাত বিকাশ গুপ্তাক চলিত চিজনত সহ প্ৰতিযোগী আৰ্চী খানৰ সৈতে হোৱা তৰ্ক-যুদ্ধৰ পাচত শ্ব’ৰ পৰা বাহিৰ কৰি দিয়া হয় ৷ বিগ বছৰ ঘৰত সোমোৱাৰ পাচত দুয়োৰে সম্পৰ্ক আৰু কথা-বতৰা ক্ৰমান্বয়ে বেয়াৰ ফালে ঢাল খায় ৷ দুয়োৰে মাজত হোৱা মতানক্যৰ পাচত বিকাশে আৰ্চীক চুইমিং পুললৈ ঠেলি দিয়ে, যাৰ পৰিপ্ৰেক্ষিতত বিগ বছে বিকাশক শ্ব’ৰ পৰা বাহিৰ হ’বলৈ নিৰ্দেশ দিয়ে ৷

মাধুৰীমা তুলী : বিগ বছৰ 13 নং চিজনত প্ৰাক্তন প্ৰেমিক বিশাল আদিত্য় সিঙৰ সৈতে বহুবাৰ তৰ্ক-বিতৰ্কত লিপ্ত হৈছিল মাধুৰীমা তুলী ৷ এক দৃশ্যত দেখুওৱা অনুসৰি বিশালে ৰাতিপুৱা জগাবলৈ মাধুৰীমাৰ মুখত পানী ঢালি দিয়ে আৰু মাধুৰীমাই বিশালক গৰম চচপেনেৰে আঘাত কৰে ৷ ইয়াৰ পাচতে মাধুৰীমা শ্ব’ৰ পৰা বাহিৰ হয় ৷

জুবেৰ খান : চিজন 11ৰ ‘দাদা’ খ্যাত জুবেৰ খানৰ মহিলাৰ প্ৰতি থকা খঙাল আৰু অভব্য আচৰণৰ বাবে তেওঁক শ্ব’ৰ পৰা বাহিৰ কৰি দিয়া হয় ৷ শ্ব’ৰ ঘোষক চলমান খানেও জুবেৰৰ আচৰণত অতিষ্ঠ হোৱা দেখা গৈছিল ৷

প্ৰিয়াংক শৰ্মা : 11 নং চিজনৰ প্ৰতিযোগী প্ৰিয়াংক শৰ্মা এগৰাকী জনপ্ৰিয় হাউছমেট আছিল যদিও সহ প্ৰতিযোগী আকাশ দাদলানীৰ সৈতে হোৱা শাৰীৰিক যুদ্ধৰ পাচত প্ৰিয়াংকক শ্ব’ৰ পৰা বাহিৰ কৰি দিয়া হয় ৷

স্বামী ওম আৰু প্ৰিয়ংকা জাগ্গা : বিগ বছৰ 10 নং চিজনৰ প্ৰতিযোগী স্বামী ওমে সহ প্ৰতিযোগী বাণী জেৰ গালৈ প্ৰচাৱ দলিওৱাৰ বাবে চিজনটোৰ আটাইতকৈ ঘৃণনীয় প্ৰতিযোগী হিচাপে খ্যাত স্বামী ওমক শ্ব’ৰ বাহিৰ কৰি দিয়া হয় ৷ ইফালে প্ৰতিযোগী প্ৰিয়ংকা জাগ্গায়ো বাণী জেক লৈ কৰা কিছুমান অভব্য মন্তব্যৰ বাবে ঘোষক চলমান খানৰ খং উঠা পৰিলক্ষিত হয় ৷ প্ৰিয়ংকা থাকিলে চলমানে শ্ব’ত নাথাকো বুলি কোৱাৰ পাচতে প্ৰিয়ংকাক শ্ব’ৰ পৰা বাহিৰ কৰি দিয়া হয় ৷

কুশাল টেণ্ডন : 7 নং চিজনৰ প্ৰতিযোগী কুশাল টেণ্ডনক শ্ব’ত গৌহৰ খানৰ সৈতে ৰোমাঞ্চ কৰা দেখা গৈছিল ৷ গৌহৰ আৰু ভিজে এণ্ডিৰ মাজত হোৱা তৰ্কযুদ্ধৰ পাচত কুশালে এণ্ডিক শাৰীৰিকভাৱে আক্ৰমণ কৰে আৰু কুশাল শ্ব’ৰ পৰা বাহিৰ হয় ৷

পূজা মিশ্ৰা : 5 নং চিজনৰ আটাইতকৈ বিতৰ্কিত প্ৰতিযোগী পূজা মিশ্ৰাই সোনালী নাগৰাণীক কৰা অভব্য মন্তব্য আৰু সিদ্ধাৰ্থ ভৰদ্বাজক ঠেলি দিয়ে, যাৰ ফলস্বৰূপে পূজাক শ্ব’ৰ পৰা বাহিৰ কৰি দিয়া হয় ৷

ডলী বিন্দ্ৰা আৰু সমীৰ চোনী : বিগ বছ 4ৰ প্ৰতিযোগী ডলী বিন্দ্ৰাই সহ প্ৰতিযোগী শ্বেতা তিৱাৰীক কন্দুওৱাৰ বাবে শ্ব’ৰ পৰা বাহিৰ কৰি দিয়া হয় ৷ আনহাতে, সমীৰ চোনীয়ে দুয়োৰে মাজৰ তৰ্কযুদ্ধত ভাগ লৈ শ্বেতাৰ সৈতে অভব্য আচৰণ কৰে আৰু শ্ব’ৰ পৰা বাহিৰ হয় ৷

কমল ৰাশ্বিদ খান : 3 নং চিজনত সহ প্ৰতিযোগী ৰোহিত বাৰ্মাৰ গালৈ বটল দলিওৱাৰ পাচতে শ্ব’ৰ পৰা বাহিৰ কৰি দিয়া হয় কেআৰকেক ৷

লগতে পঢ়ক : বৰুণ-নতাশাৰ অপ্ৰকাশ্য প্ৰেমৰ সম্পৰ্ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.