চিটাৰা ডেস্ক, ৩ ফেব্ৰুৱাৰী: জনপ্ৰিয় টেলিভিছন শ্ব' বিগ বছত বিতৰ্ক ৰাণী হিচাপে জনাজাত হৈ পৰা ৰাখী শাৱন্ত এইবাৰ ক্ষুদ্ধ হৈ পৰিল হাউচমেট অভিনৱ শুক্লাৰ ওপৰত । মনোৰঞ্জনৰ নামত পুনৰ অভিনৱ শুক্লাৰ বিৰুদ্ধে উদ্ভট মন্তব্য কৰিলে ৰাখীয়ে । অহা খণ্ডৰ বাবে সম্প্ৰচাৰ কৰা প্ৰম'ত দেখা গৈছে যে, পূৰ্বে অভিনৱৰ ওচৰত উন্মাদৰ দৰে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱা ৰাখীয়ে তেওঁক লৈ অপমানসূচক মন্তব্য কৰিছে ।
অভিনৱে দেৱলীনা ভট্টাচাৰ্যৰ সৈতে বাৰ্তালাপ কৰাৰ সময়ৰে পৰা ৰাখীয়ে কটুক্তি কৰা আৰম্ভ কৰিছিল । ৰাখীয়ে অভিনৱক প্ৰশ্ন কৰিছিল যে, তেওঁৰ পত্নী অৰ্থাৎ বিগ বছ-১৪ ছিজনৰ প্ৰতিযোগী ৰুবিনা দিলাইকে ৰাখীৰ সৈতে তেওঁক কথা মাতিবলৈ মানা কৰিছে নেকি । এই প্ৰশ্নৰ উত্তৰ নিদি ৰাখীৰ কথাক আওকাণ কৰাৰ বাবে ৰাখীয়ে অভিনৱক অপমান কৰে । অভিনৱেও ৰাখীক খঙৰ সুৰতে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ।
সেই সময়তে ৰুবিনাই ৰাখীৰ গাত পানী ঢালি দিয়ে আৰু ৰাখীক এগৰাকী অভদ্ৰ মহিলা আখ্যা দিয়ে । ইয়াৰ পূৰ্বে ৰাখীয়ে অভিনৱৰ প্ৰতি আকৰ্ষিত হোৱাৰ পিছতে নিশৰ শৰীৰত ৰঙা ৰঙেৰে লিখি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল । অৱশ্যে, জনপ্ৰিয় টেলিভিছন শ্ব' টোৰ আঁত ধৰোঁতা বলীউড ছুপাৰষ্টাৰ ছলমান খানৰ মতে, ৰাখীৰ এনে ব্যৱহাৰে অভিনৱক লাভান্বিতহে কৰিছে ।
লগতে পঢ়ক:দি গাৰ্ল অন দ্যা ট্ৰেইন : আকৰ্ষণীয় হত্যাকাৰীৰ ৰূপত পৰিণীতি চোপ্ৰা