ETV Bharat / sitara

জটিল সময়খিনিত জনসাধাৰণৰ প্ৰতি কি আহ্বান অভিনেত্ৰী ভ্ৰান্তি মেধীৰ ? - জনসাধাৰণৰ প্ৰতি কি আহ্বান অভিনেত্ৰী ভ্ৰান্তি মেধীৰ

ভাৰতবৰ্ষৰ লগতে অসমতো এতিয়া ব্যাপক হাৰত কৰ'ণা সংক্ৰমণ হৈছে ৷ সংক্ৰমণ ৰোধৰ বাবে চলি আছে লক ডাউন ৷ যদিও কিছু কিছু ক্ষেত্ৰত শিথিলতা অনা হৈছে তথাপিও ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে বেছি সংখ্যক লোক ৷ দীঘলীয়া সময় ধৰি ঘৰতে বন্দী হৈ থাকিব লগা হৈছে শিল্পী সমাজ ৷ ঘৰতে থাকি জনসাধাৰণক এই জটিল সময়খিনিত মোকাবিলা কৰিবলৈ আহ্বান জনাইছে অভিনেত্ৰী ভ্ৰান্তি মেধীয়ে ৷ সকলোকে যোগাত্মক হ'বলৈ আহ্বান অভিনেত্ৰীগৰাকীৰ ৷

Assamese actress Bhranti medhi daily routine on corona time
জটিল সময়খিনিত জনসাধাৰণৰ প্ৰতি কি আহ্বান অভিনেত্ৰী ভ্ৰান্তি মেধীৰ ?
author img

By

Published : Jul 21, 2020, 4:01 PM IST

গুৱাহাটী,21 জুলাইঃ কৰ'ণাৰ ত্ৰাসৰ বাবে ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে সকলো লোক ৷ শিল্পী সকলো এই দীঘলীয়া সময়ছোৱাত বন্দী হৈ থাকিব লগা হৈছে ৷ চিনেমা অথবা ভ্ৰাম্যমাণত অভিনয় কৰা একাংশৰ বাবে দুৰ্বিষহ হৈ পৰিছে এই সময়খিনি ৷ এনে অৱস্থাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধী কেনেদৰে ব্যস্ত ৰাখিছে নিজকে ? চিনেমা হল,শ্বুটিং সকলো বন্ধ থকাৰ বাবে ঘৰৰ কামতে বৰ্তমান ব্যস্ত অভিনেত্ৰী ভ্ৰান্তি মেধি ৷ পাকঘৰত ঘৰৰ মানুহক সহায় কৰা,কিতাপ পঢ়া আদি কামত নিজকে ব্যস্ত ৰাখিছে ভ্ৰান্তিয়ে ৷ ইয়াৰ উপৰিও আবেলি সময়ত ব্যায়াম কৰিও সময় পাৰ কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে ৷

অভিনেত্ৰী ভ্ৰান্তি মেধী

ইফালে লক ডাউন খুলিলেই আৰম্ভ হ'ব বহুকেইখন ছবিৰ শ্বুটিঙৰ কাম ৷ সমান্তৰাল ভাৱে চৰকাৰে চিনেমা হ'ল খুলিলেই মুক্তি পাব ভ্ৰান্তি মেধীৰ এখন নতুন ছবি ৷ থিয়েটাৰ,ছবিজগত সকলোতে দখল থকা ভ্ৰান্তি মেধীৰ আশা পুনৰ আমাৰ মাজলৈ আহিব ভাল দিন ৷ তেওঁৰ আহ্বান জীৱনৰ জটিলতাখিনি পাহৰি যোগাত্মক হওক সকলো ৷

লগতে পঢ়কঃ জুবিন গাৰ্গ আৰু খগেন গগৈৰ এটা ভাইৰেল ভিডিঅ'...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.