ETV Bharat / sitara

ডক্তৰ বেজবৰুৱা ২ত চিকিৎসকৰ চৰিত্ৰত আদিল হুছেইন

author img

By

Published : Aug 20, 2021, 2:22 PM IST

এইবাৰ ৰাজদ্বীপৰ ডক্তৰ বেজবৰুৱাৰ চিকুৱেলত দেখা যাব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন(Adil Hussian)ক ৷ 50 বছৰ পূৰ্বে মুক্তি লাভ কৰা অসমীয়া চলচ্চিত্ৰ পৰিচালক ব্ৰজেন বৰুৱাৰ 'ডক্তৰ বেজবৰুৱা' (১৯৬৯)ৰ দ্বিতীয় অংশ নিৰ্মাণ কৰিবলৈ সাজু হৈছে অসমৰ এগৰাকী অন্যতম সফল চিত্ৰনাট্যকাৰ, নাট্যকাৰ আৰু গীতিকাৰ ৰাজদ্বীপ ৷

adil hussain to play a doctor to the iconic assamese film dr bezbaruah
ডঃ বেজবৰুৱা ২ত চিকিৎসকৰ চৰিত্ৰত আদিল হুছেইন

চিটাৰা ডেস্ক, 20 আগষ্ট : অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক মাইলৰ খুঁটিস্বৰূপ ব্ৰজেন বৰুৱা(Brajen Barua)ৰ 'ডক্তৰ বেজবৰুৱা'(Dr Bezbaruah)ৰ চিকুৱেলত ডাক্তৰৰ চৰিত্ৰত দেখা যাব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ প্ৰখ্যাত অভিনেতা আদিল হুছেইন(Adil Hussian)ক ৷ অসমৰ এগৰাকী অন্যতম সফল চিত্ৰনাট্যকাৰ, নাট্যকাৰ আৰু গীতিকাৰ ৰাজদ্বীপৰ ডক্তৰ বেজবৰুৱাৰ চিকুৱেলত আদিল হুছেইনে চিকিৎসকৰ চৰিত্ৰত অভিনয় কৰিব ৷

লগতে পঢ়ক : টৰণ্টো ফিল্ম ফেষ্টিভেলত আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্রীৰ সন্মান

অলপতে আমিৰ খান(Aamir Khan) আৰু ৰাজকুমাৰ হিৰাণী(Rajkumar Hirani )ৰ সৈতে চিত্ৰনাট্যৰ বাবে এক জুৰীৰ দ্বাৰা পুৰস্কৃত হোৱা ৰাজদ্বীপে(Rajdweep) 50 বছৰ পূৰ্বে মুক্তি লাভ কৰা অসমীয়া চলচ্চিত্ৰ পৰিচালক ব্ৰজেন বৰুৱাৰ 'ডক্তৰ বেজবৰুৱা' (১৯৬৯)ৰ দ্বিতীয় অংশ নিৰ্মাণ কৰিবলৈ সাজু হৈছে ৷

লগতে পঢ়ক : 17 ছেপ্টেম্বৰত মুক্তি লাভ কৰিব হৰৰ-কমেডী ছবি Bhoot Police

উল্লেখ্য যে, মূল চলচ্চিত্ৰখনত নিপন গোস্বামী(Nipon Goswami)এ এই চৰিত্ৰত অভিনয় কৰিছিল ৷ এতিয়া 'ডক্তৰ বেজবৰুৱা ২'(Dr Bezbaruah 2) ছবিখন নিপন গোস্বামীয়ে পৰিচালনা কৰাৰ লগতে এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব ৷

জানিব পৰা মতে, অন্যান্য কলা-কুশলীসকলৰ লগতে গোস্বামীৰ পুত্ৰ সিদ্ধাৰ্থ নিপন গোস্বামীকো ছবিখনত দেখিবলৈ পোৱা যাব ৷ চিত্ৰনাট্যকাৰ হিচাপে 'ডক্তৰ বেজবৰুৱা ২'(Dr Bezbaruah 2) ৰাজদ্বীপৰ চতুৰ্থখন অসমীয়া ছবি ৷ ইয়াৰ পূৰ্বে তেওঁ 'খেল দ্য গেম' (২০১৬), 'ৰাম ভদকা হুইস্কি' (২০১৮) আৰু 'প্ৰতিঘাট' (২০১৯)ৰ দৰে ছবিত কাম কৰিছে ৷

লগতে পঢ়ক : Arranged আৰু Lovebirdsৰ পাচত এইবাৰ দৰ্শকৰ মাজলৈ The Radio Guy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.