ETV Bharat / sitara

৯৪ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান প্ৰযোজনা কৰিব উইল পেকাৰে

author img

By

Published : Oct 6, 2021, 6:33 PM IST

প্ৰথমবাৰৰ বাবে অস্কাৰ(Oscar) বঁটা প্ৰদান অনুষ্ঠান প্ৰযোজনা কৰাৰ বাবে বাছনি কৰা হৈছে "গাৰ্লছ ট্ৰিপ"ৰ প্ৰযোজক উইল পেকাৰ(Will Packer)ক । আনহাতে, কেইবা বছৰৰো পাচত তৃতীয়বাৰৰ বাবে একাডেমী অৱ ম’চন পিকচাৰ আৰ্টছ এণ্ড চায়েন্সেছ আৰু আমেৰিকান ব্ৰডকাষ্টিং কোম্পানীয়ে অনুষ্ঠানটো পৰিচালনা কৰিবলৈ নতুন দল তালিকাভুক্ত কৰিছে ।

Oscars enlist Will Packer to produce 94th ceremony
৯৪ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান প্ৰযোজনা কৰিব উইল পেকাৰে

চিটাৰা ডেস্ক, ৬ অক্টোবৰ : আগন্তুক বৰ্ষত প্ৰযোজক উইল পেকাৰে প্ৰযোজনা কৰিব ৯৪ সংখ্যক অস্কাৰ(Oscar) বঁটা প্ৰদান অনুষ্ঠান । মঙলবাৰে ফিল্ম একাডেমীয়ে এই কথা প্ৰকাশ কৰে । উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে অস্কাৰ(Oscar) বঁটা প্ৰদান অনুষ্ঠান প্ৰযোজনা কৰাৰ বাবে "গাৰ্লছ ট্ৰিপ"ৰ প্ৰযোজক উইল পেকাৰ(Will Packer)ক দায়িত্ব অৰ্পণ কৰা হৈছে । লগতে কেইবা বছৰৰো পাচত তৃতীয়বাৰৰ বাবে একাডেমী অৱ ম’চন পিকচাৰ আৰ্টছ এণ্ড চায়েন্সেছ আৰু আমেৰিকান ব্ৰডকাষ্টিং কোম্পানীয়ে অনুষ্ঠানটো পৰিচালনা কৰিবলৈ নতুন দল তালিকাভুক্ত কৰিছে ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পেকাৰে কয় যে, ছবিয়ে তেওঁক সদায় আকৰ্ষিত কৰি আহিছে । তেওঁ লগতে কয় যে, পৃথিৱীৰ অন্যতম প্ৰতিষ্ঠিত মাধ্যমক জীৱন্ত কৰা তোলাৰ প্ৰত্যাহ্বান তেওঁ গ্ৰহণ কৰিছে । ছবি প্ৰযোজনা প্ৰতিষ্ঠান উইল পেকাৰ প্ৰডাকচনছ আৰু উইল পেকাৰ মিডিয়াৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পেকাৰে "নাইট স্কুল" আৰু "ষ্ট্ৰেইট আউটা কম্পটন" আদি ছবি প্ৰযোজনা কৰিছে । লগতে টেলিভিছন শ্ব' "ৰুটছ" প্ৰযোজনা কৰিছে ।

পেকাৰৰ চিফ অৱ ষ্টাফ শায়লা কোৱানেও অস্কাৰৰ বঁটা প্ৰদান অনুষ্ঠানৰ কামত পেকাৰৰ সৈতে থাকিব । বিগত বছৰকেইটাত অস্কাৰৰ ৰেটিং হ্ৰাস পাইছে ।

এই বছৰৰ আৰম্ভণিতে মহামাৰী সংক্ৰমণ অব্যাহত থকাৰ সময়ত বেছি সংখ্যক মুখ্য বঁটা প্ৰদান অনুষ্ঠানৰ ৰেটিং পূৰ্বৰ তুলনাত আধাতকৈও কম আছিল । ফিল্ম এমাডেমীৰ অধ্যক্ষ ডেভিদ ৰুবিন আৰু মুখ্য কাৰ্যবাহী বিষয়া ডন হাডচনে জনোৱা মতে, "এইবাৰ অস্কাৰৰ বঁটা প্ৰদান অনুষ্ঠানত অনুৰাগীক মনোৰঞ্জন দিবলৈ অধিতক গুৰুত্ব আৰোপ কৰা হৈছে ।" উল্লেখ্য যে, ২০২২ চনৰ ২৭ মাৰ্চত আমেৰিকান ব্ৰডকাষ্টিং কোম্পানীয়ে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান ।

লগতে পঢ়ক:ৰামায়ণৰ ‘ৰাৱন’ খ্যাত অভিনেতা অৰবিন্দ ত্ৰিবেদী আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.