ETV Bharat / sitara

পৰৱৰ্তী ছবি Freddyৰ বাবে সাজু কাৰ্তিক আৰিয়ন

author img

By

Published : Jul 31, 2021, 9:23 PM IST

শশাংক ঘোষ পৰিচালিত ছবি 'ফ্ৰেডী'ত অভিনয় কৰিবলৈ সাজু হৈছে অভিনেতা কাৰ্তিক আৰিয়ন(Kartik Aaryan) । ছবিখন যুটীয়াভাৱে প্ৰযোজনা কৰিব একতা কাপুৰৰ বালাজী টেলি ফিল্মছ(Balaji Tele films) আৰু জয় শ্বেৱাক্ৰামানীৰ নদাৰ্ণ লাইটছ ফিল্মছে(Northern Lights Films) ।

Kartik Aaryan
আগন্তুক ছবি Freddyৰ বাবে সাজু কাৰ্তিক আৰিয়ন

চিটাৰা ডেস্ক, ৩১ জুলাই : ৰোমাণ্টিক থ্ৰিলাৰ ছবি 'ফ্ৰেডী'ৰ মুখ্য চৰিত্ৰৰ বাবে চুক্তিবদ্ধ কৰা হৈছে বলীউড অভিনেতা কাৰ্তিক আৰিয়নক । ছবিখন পৰিচালনা কৰিব শশাংক ঘোষে(Shashanka Ghosh) । একতা কাপুৰৰ বালাজী টেলি ফিল্মছ(Balaji Tele films) আৰু জয় শেৱাক্ৰামানীৰ নদাৰ্ণ লাইটছ ফিল্মছে(Northern Lights Films) ছবিখন যুটীয়াভাৱে প্ৰযোজনা কৰিব । ছবিখনৰ সন্দৰ্ভত ৩০ বছৰীয়া আৰিয়নে কয় যে, এজন অভিনেতা হিচাপে তেওঁ বিভিন্ন ধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰিব বিচাৰে আৰু 'ফ্ৰেডী'য়ে তেওঁক এই সুযোগ প্ৰদান কৰিছে ।

আৰিয়নে কয় যে, তেওঁ পূৰ্বে নকৰা চৰিত্ৰ ৰূপায়ণ কৰিব । এই ছবিখন ৰোমাঞ্চকৰ হোৱাৰ লগতে যথেষ্ট আকৰ্ষণীয় হ'ব বুলিও মন্তব্য কৰে । কাৰ্তিকে জনোৱা মতে 'ফ্ৰেডী'ত অভিনয় কৰিবলৈ আৰু এই ৰোমাণ্টিক থ্ৰিলাৰ ছবিখনৰ চৰিত্ৰক জীৱন্ত ৰূপ দিবলৈ অপেক্ষা কৰি আছে । 'ফ্ৰেডী'ৰ জৰিয়তে একতা কাপুৰ, শ্বেৱাক্ৰামানী আৰু শশাংক ঘোষৰ সৈতে 'লুকা চুপ্পী' ছবিৰ অভিনেতাগৰাকীয়ে প্ৰথমবাৰৰ বাবে কাম কৰিব ।

এই সন্দৰ্ভত একতা কাপুৰে কয় যে, তেওঁ ছবিখনৰ কাম আৰম্ভ কৰিবলৈ উৎসাহিত হৈ আছে । দেওবাৰৰ পৰা ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হ'ব । একতা কাপুৰে কয় যে, কাৰ্তিকৰ সৈতে কাম কৰিবলৈ পাই তেওঁ আনন্দিত হৈছে ।

কাৰ্তিকৰ কামৰ বিষয়ে প্ৰশংসা কৰি কয় যে, কাৰ্তিকৰ ছবিৰ কাহিনীৰ বিষয়বোৰ সদায় ব্যতিক্ৰমী হয় আৰু দৰ্শকক আকৰ্ষিত কৰিব পাৰে । জয় শেৱাক্ৰামানীৰ সহযোগিতাই ছবিখন নিৰ্মাণৰ কাম অধিক বিশেষ কৰি তুলিব বুলি তেওঁ মন্তব্য কৰে । 'বীৰে দি ৱেডিঙ'ত একতা কাপুৰৰ সৈতে কাম কৰা শশাংক ঘোষে কয় যে, তেওঁলোকে 'ফ্ৰেডী'ৰ জৰিয়তে দৰ্শকক এখন "ৰোমাঞ্চকৰ" ছবি উপভোগ কৰাৰ আমেজ দিব বিচাৰে ।

তেওঁ কয় যে, এজন ছবি নিৰ্মাতা হিচাপে, বৰ্তমানৰ ধাৰাটোৰ সৈতে খাপ খুৱাই বহু কাম কৰিবলৈ বাকী আছে আৰু ইয়াৰে মাজৰ এটা প্ৰজেক্ট হৈছে এই থ্ৰিলাৰ ছবিখন । এই ছবিখন সৰ্বশ্ৰেষ্ঠ ৰোমাঞ্চকৰ থ্ৰিলাৰ ছবিৰ ভিতৰত এখন হ'ব বুলি তেওঁ নিশ্চিত বুলি দাবী কৰে । ফ্ৰেডীৰ উপৰিও কাৰ্তিকে ৰাম মাধৱানী পৰিচালিত একচন-থ্ৰিলাৰ ছবি 'ধামাকা', আনিস বাজমীৰ ভৌতিক-কৌতুকধৰ্মী ছবি 'ভুল ভুলেইয়া-২' আৰু হংসল মেহতা পৰিচালিত একচন-ড্ৰামা 'কেপ্টেইন ইণ্ডিয়া'ত কাম কৰি আছে ।

লগতে পঢ়ক: ColorsTVত সম্প্ৰচাৰ হ’ব উত্তৰ-পূৱৰ ওপৰত আধাৰিত ধাৰাবাহিক ‘Nima Denzongpa’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.