মুম্বাই, 1 নৱেম্বৰ : সদ্যপ্ৰয়াত অভিনেতা ইৰফান খানৰ পুত্ৰ বাবিল খানে পুনৰ আগতে প্ৰকাশ নোহোৱা পিতৃৰ এখন ফটো শ্বেয়াৰ কৰিছে ৷ দেওবাৰে বাবিলে তেওঁৰ পিতৃয়ে মঞ্চত বাবিলৰ প্ৰদৰ্শন চাই থকা মুহূৰ্তৰ এখন ফটো শ্বেয়াৰ কৰে ৷ ইনষ্টাগ্ৰামযোগে ফটোখন শ্বেয়াৰ কৰি বাবিলে কেপচনত এইবুলি লিখে, "Probably the first time he saw me perform on stage,"
- " class="align-text-top noRightClick twitterSection" data="
">
ফটোখনত ইৰফানক বাবিলৰ সন্মুখত থিয় হৈ থকা দেখা গৈছে ৷ ফটোখনত এজন অনুৰাগীয়ে কমেন্ট কৰি কয় যে তেওঁলোকে অভিনেতা গৰাকীলৈ তেওঁলোকৰ মনত পৰে ৷ অন্য এগৰাকী অনুৰাগীয়ে অভিনেতা গৰাকীৰ স্মৃতি জীয়াই ৰখাৰ বাবে বাবিলক ধন্যবাদ জ্ঞাপন কৰে ৷
কেঞ্চাৰৰ সৈতে যুঁজি ইৰফানে 29 এপ্ৰিল তাৰিখে শেষ নিশ্বাস ত্যাগ কৰিছিল ৷ কিছুদিন পূৰ্বে পিতৃৰ ছয় মহীয়া মৃত্যু বাৰ্ষিকী উপলক্ষে "2 man squad" বুলি লিখি বাবিলে পিতৃৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি লিখিছিল ৷ বগা ৰঙেৰে বোলোৱা পিতৃৰ কবৰৰ ছবিও বাবিলে কিছুদিন পূৰ্বে শ্বেয়াৰ কৰিছিল ৷
লগতে পঢ়ক: ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ উদ্দেশ্যে ‘The চাইলেণ্ট কিলাৰ’ শীৰ্ষক চুটি ছবি