ETV Bharat / sitara

ওপজা দিনত বিহু সম্ৰাট খগেন মহন্তলৈ শ্ৰদ্ধাঞ্জলি... - গণ শিল্পী খগেন মহন্ত

বিহু সম্ৰাট(King of Bihu) খগেন মহন্ত(Khagen Mahanta)ৰ আজি জন্ম বাৰ্ষিকী ৷ তেওঁৰ ওপজা দিন উপলক্ষে আহক সোঁৱৰণ কৰো অসমৰ প্ৰসিদ্ধ সংগীত শিল্পীগৰাকীক...

khagen mahanta birthday
খগেন মহন্তৰ জন্মদিন
author img

By

Published : Aug 17, 2021, 8:08 AM IST

চিটাৰা ডেস্ক, 17 আগষ্ট : অসমৰ প্ৰসিদ্ধ সংগীত শিল্পী, গীতিকাৰ তথা সুৰকাৰ খগেন মহন্ত(Khagen Mahanta)ৰ আজি জন্ম বাৰ্ষিকী ৷ 1942 চনৰ 17 আগষ্ট অৰ্থাৎ আজিৰ দিনটোতেই নগাঁও জিলাৰ জাজৰিত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে ৷ অসমীয়া থলুৱা গীত-পদৰ স্বকীয়তাক হেৰাই যাবলৈ নিদি লোকসংগীতৰ ভেটিতে বহু কালজয়ী গীত ৰচনা কৰিছিল খগেন মহন্তই ৷

অসমৰ অন্যতম লোকসংগীত বিহুৰ পৰিৱেশনৰ ক্ষেত্ৰত দেখুওৱা দক্ষতাৰ বাবে তেওঁ বিহু সম্ৰাট(King of Bihu) হিচাপে পৰিচিত । স্নাতক ডিগ্ৰী গ্ৰহণ কৰিয়েই সংগীত সাধনাত ব্ৰতী হৈছিল খগেন মহন্ত । বিহুগীতক জনপ্ৰিয়তাৰ শিখৰলৈ লৈ যোৱাত খগেন মহন্তই লৈছিল অপ্ৰতিদ্বন্দ্বী ভূমিকা । ফিল্ম ক্ৰাফট এৱাৰ্ড, সংগীত নাটক অকাডেমি বঁটা, সংগীতাচাৰ্য বঁটা আদিৰে সন্মানিত হোৱাৰ লগতে বহু সংগীত বঁটা লাভ কৰিছিল গণ শিল্পী খগেন মহন্তই ৷ শৈশৱৰ সময়চোৱাতে পিতৃৰ পৰা তেওঁ নাম-কীৰ্তন, প্ৰসংগ, গায়ন-বায়ন আৰু সত্ৰীয়া নৃত্যকলা আয়ত্ব কৰিবলৈ সক্ষম হৈছিল ।

Khagen Mahanta-Archana Mahanta
খগেন মহন্ত-অৰ্চনা মহন্ত

আনকি খোল বাদ্যতো বিশেষ পাৰদৰ্শিতা দেখুৱাইছিল এইগৰাকী সংগীত শিল্পীয়ে ৷ আকাশবাণীৰ জৰিয়তে লোকসংগীতৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰা খগেন মহন্তৰ সহস্ৰাধিক লোকসংগীত, পৰম্পৰাগত, ধৰ্মীয়, সুগম সংগীত আদি গ্ৰামোফোন ডিস্কত এইচ এম ভিৰ দ্বাৰা ৰেকৰ্ড কৰা হয় ।

প্ৰায় 45 খন ভিন্ন কেছেটযোগে 350 টাতকৈও অধিক গীতৰ প্ৰচাৰ কৰিছিল সংগীত শিল্পীগৰাকীয়ে ৷ তেওঁ কণ্ঠ নিগৰোৱা ‘পাৰৰ পাখিত গাঁঠি দিলো’ৰ পৰা আৰম্ভ কৰি ‘কাউৰী পৰে’, ‘পাহাৰে পাহাৰে’, ‘ৰাংঢালী ছোৱালী’, ‘মা আমি শদিয়ালৈ যামে...’, ‘জোনটি ওলালে’ আদি গীতসমূহে আজিও প্ৰতিগৰাকীৰ অসমীয়াৰ হৃদয়ত এক সুকীয়া স্থান দখন কৰি আছে ৷

1965 চনত কণ্ঠশিল্পী অৰ্চনা মহন্ত(Archana Mahanta)ৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয় । পুত্ৰ অংগৰাগ পাপন মহন্ত(Angarag Papon Mahanta) এগৰাকী জনপ্ৰিয় সংগীত শিল্পী । অসম, ভাৰতৰ লগতে ব্ৰিটেইনত সংগীত পৰিৱেশন কৰি এক বিশেষ কৃতিত্ব অৰ্জন কৰিছিল খগেন মহন্তই ৷

father-son
পিতা-পুত্ৰ

ইয়াৰোপৰি 1965 চনত নেপালৰ সেই সময়ৰ ৰজা মহেন্দ্ৰ উপস্থিতিত ৰয়েল থিয়েটাৰত ‘মুৰেলী বাজো বনমা/ ল কৃষ্ণা চমজানা মনমা’ নামৰ নেপালী চহা জীৱনৰ এটি গীত পৰিৱেশন কৰিছিল লোকসংগীতৰ শিল্পীগৰাকীয়ে ৷ 2014 চনৰ 12 জুনত 72 বছৰ বয়সত অসমীয়া সংগীত জগতৰ অন্যতম প্ৰসিদ্ধ সংগীতকাৰ খগেন মহন্তই অসমবাসীৰ পৰা চিৰদিনৰ বাবে বিদায় মাগে ৷

অসমীয়া সংগীত জগতত গীতৰ এক বৃহৎ অৱদান আগবঢ়াই থৈ যোৱা খগেন মহন্তৰ সৃষ্টিৰাজীয়ে আজিও আমাক তেওঁৰ উপস্থিতিৰ অনুভূতি আনি দিয়ে ৷ জন্মদিনৰ এই ক্ষণত ইটিভি ভাৰত চিটাৰাই বিহু সম্ৰাট খগেন মহন্তলৈ আগবঢ়াইছো একাঁজলি শ্ৰদ্ধাঞ্জলি ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ৰ গ্ৰেণ্ড ফাইনেলত অসমৰ নৃত্যাভিনয়ৰ দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.