ETV Bharat / sitara

এছ পি বালাসুব্ৰমণিয়ামৰ স্বাস্থ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পুত্ৰৰ

author img

By

Published : Aug 24, 2020, 6:34 PM IST

‘‘সম্প্ৰতি তেওঁ ECMOৰ সমৰ্থনত ভেণ্টিলেটৰত সুস্থ অৱস্থাত আছে ৷ আশা কৰিছো তেওঁৰ শ্বাস-প্ৰশ্বাসজনিত বেমাৰ অতি সোনকালে ভাল হ’ব ৷ আমি এই ভুৱা প্ৰচাৰৰ পৰা দূৰত থকা উচিত’’

SP Balasubrahmanyam's son refutes report of singer testing COVID negative
এছ পি বালাসুব্ৰমণিয়ামৰ স্বাস্থ্য সন্দৰ্ভত হোৱা ভুৱা প্ৰচাৰত প্ৰতিক্ৰিয়া প্ৰকাশ পুত্ৰৰ

চিটাৰা ডেস্ক, 24 আগষ্ট: বিশিষ্ট গায়ক এছ পি বালাসুব্ৰমণিয়ামক লৈ প্ৰচাৰ হোৱা বাতৰি সন্দৰ্ভত সোমবাৰে পুত্ৰ এছ পি চৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ বৰ্তমান এছ পি বালাসুব্ৰমণিয়াম ক’ভিড নিগেটিভ বুলি প্ৰচাৰ হোৱা বাতৰিক ভুৱা বুলি এক ভিডিঅ’যোগে মন্তব্য দিয়ে পুত্ৰ চৰণে ৷

ভিডিঅ’ প্ৰচাৰ কৰি তেওঁ কয় যে, ‘‘চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কাৰ পাচত মই দেউতাৰ স্বাস্থ্য সম্পৰ্কে সকলোকে অৱগত কৰো ৷ কিন্তু আজি ৰাতিপুৱা মই এক ভুৱা প্ৰচাৰৰ সন্মুখীন হৈছো ৷ কেৱল ময়েই প্ৰথমে দেউতাৰ স্বাস্থ্য সম্বন্ধীয় তথ্য সম্বন্ধে অৱগত হওঁ আৰু তাৰ পাচত মিডিয়াযোগে সকলোকে জনাও ৷ কিন্তু আজি ৰাতিপুৱা দেউতা ক’ভিড নিগেটিভ বুলি এক ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে ৷ ক’ভিড পজিটিভ বা নিগেটিভেই নহওঁক কিয়, দেউতাৰ স্বাস্থ্য এতিয়াও আগৰ দৰেই আছে’’ ৷

লগতে তেওঁ কয় যে, ‘‘সম্প্ৰতি তেওঁ ECMOৰ সমৰ্থনত ভেণ্টিলেটৰত সুস্থ অৱস্থাত আছে ৷ আশা কৰিছো তেওঁৰ শ্বাস-প্ৰশ্বাসজনিত বেমাৰ অতি সোনকালে ভাল হ’ব ৷ আমি এই ভুৱা প্ৰচাৰৰ পৰা দূৰত থকা উচিত’’ ৷

উল্লেখ্য যে, 5 আগষ্টত 74 বৰ্ষীয় কণ্ঠশিল্পী বালাসুব্ৰমণিয়মৰ দেহত ক’ভিড-19ৰ উপস্থিতি ধৰা পৰাৰ পাচত তেওঁক চেন্নাইস্থিত এম জি এম হেলথ্কেয়াৰত ভৰ্তি কৰোৱা হৈছিল ৷

চিকিৎসালয়ৰ বুলেটিত প্ৰকাশিত অনুসৰি, 22 আগষ্টত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ ফলত অক্সিজেন প্ৰদানৰ হেতু কণ্ঠশিল্পী গৰাকীক ভেণ্টিলেটৰত ৰাখি চিকিৎসা প্ৰদান কৰা হয় ৷

লগতে পঢ়ক: সুশান্ত আত্মহত্যাৰ তদন্ত: পুনৰ সিদ্ধাৰ্থ পিথানীক জেৰা চিবিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.