ETV Bharat / sitara

হিন্দী বোলছবিত সুযোগ নোপোৱাক লৈ আক্ষেপ নাই শ্ৰুতি হাছানৰ - তামিল আৰু তেলেগু

দক্ষিণ ভাৰতীয় ছবিত অভিনেত্ৰী শ্ৰুতি হাছান এখন চিনাকী মুখ হ'লেও হিন্দী ছবিৰ ক্ষেত্ৰত বৰ্তমানলৈকে অভিনেত্ৰী গৰাকীয়ে বেছি সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ হিন্দী ছবিত অভিনেত্ৰী গৰাকীয়ে কোনো ধৰণৰ সুবিধা নোপোৱাক লৈ সোধা প্ৰশ্নৰ উত্তৰত অভিনেত্ৰী গৰাকীয়ে কৈছে যে এই লৈ তেওঁৰ মনত কোনোধৰণৰ আক্ষেপ নাই ৷ প্ৰতিভাশালী অভিনেতা কমল হাছানৰ জীয়ৰী শ্ৰুতিয়ে কয় যে এতিয়ালৈকে অভিনয় কৰিবলৈ সুযোগ পোৱা বিভিন্ন ভাষাৰ ছবি সমূহৰ প্ৰতি তেওঁ কৃতজ্ঞ ৷

হিন্দী বোলছবিত সুযোগ নোপোৱাক লৈ আক্ষেপ নাই শ্ৰুতি হাছানৰ

author img

By

Published : Oct 26, 2020, 6:23 PM IST

নেশ্যনেল ডেস্ক, 26 অক্টোবৰ: দক্ষিণ ভাৰতৰ ছবিত শ্ৰুতি হাছান এখন চিনাকি মুখ ৷ কিন্তু 2009 চনত শোহম শ্বাহ প্ৰযোজিত হিন্দী ছবি 'লাক' ৰ পাছত অভিনেত্ৰী গৰাকীক বৰ বেছি হিন্দী ছবিত দেখিবলৈ পোৱা নাই ৷ অৱশ্যে হিন্দী ছবিত অভিনয়ৰ সুযোগ নাপালেও এই বিষয়ে অভিনেত্ৰী গৰাকীক চিন্তিত যেন লগা নাই ৷

বেহেন হ'গি তেৰি আছিল শ্ৰুতি অভিনিত অন্তিমখন হিন্দী ছবি ৷ প্ৰতিভাশালী অভিনেতা কমল হাছানৰ জীয়ৰী শ্ৰুটি হাছানে নিজৰ বাবে দক্ষিণ ভাৰতীয় ছবিত এক স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে তামিল আৰু তেলেগু দুয়োটা ভাষাৰে বহুকেইখন সফল ছবিত শ্ৰুতিয়ে অভিনয় কৰিছে ৷ সেয়ে হিন্দী ছবিত বৰ বেছি অভিনয় কৰিব নোপোৱাৰ সন্দৰ্ভত প্ৰশ্ন কৰাত অভিনেত্ৰী গৰাকীৰ মনত এই লৈ কোনো আক্ষেপ নথকা যেন পৰিলক্ষিত হ'ল ৷ ইয়াৰ পৰিৱৰ্তে তেওঁ কয় যে তেওঁ এতিয়ালৈকে বিভিন্ন ভাষাত অভিনয় কৰিবলৈ সুবিধা পোৱা প্ৰত্যেকখন ছবিৰ বাবে তেওঁ কৃতজ্ঞ ৷

ক'ভিড-19 ৰ প্ৰকোপ লাহে লাহে কমি অহাত পুনৰ দৃশ্যগ্ৰহনৰ মাজলৈ ঘূৰি অহা অভিনেত্ৰী গৰাকীয়ে সমগ্ৰ অভিজ্ঞতাক অবাস্তৱিক বুলি অভিহিত কৰে ৷ পিটিআইৰে হোৱা কথাত অভিনেতা গৰাকীয়ে কয় যে "এই অভিজ্ঞতা নিশ্চয়কৈ অবাস্তৱিক ৷ বিগত প্ৰায় ছয় মাহ ধৰি অকলশৰীয়াকৈ থকা অৱস্থাত পুনৰ দৃশ্যগ্ৰহনৰ বাবে ঘুৰি যোৱাৰ অনুভৱ কেনে হ'ব সেই কথা ভাৱি পাৰ কৰাৰ পাছত মই এতিয়া এখন ছুটি ছবিৰ বাবে কাম কৰি আছো ৷" অভিনেত্ৰী গৰাকীয়ে কয় যে লকডাউনৰ কালছোৱাত তেওঁ যথেষ্ট সৃষ্টিশীল কথা শিকিবলৈ সক্ষম হ'ল ৷ বিশেষকৈ নিজক ভালকৈ বুজি পোৱাৰ লগতে জীৱনত লাভ কৰা প্ৰত্যেক বস্তুৰ বাবে কৃতজ্ঞ হোৱা আদি বিভিন্ন কথা তেওঁ লকডাউনৰ সময়ছোৱাত আয়ত্ব কৰাত সক্ষম হয় ৷

এগৰাকী গায়িকা হিছাপেও পৰিচিত শ্ৰুতিয়ে অলপতে ইদ্জ শীৰ্ষক এটা গীত মুক্তি দিছে ৷ বৰ্তমান অভিনেত্ৰী গৰাকীয়ে হাইদৰাবাদত গোপীচান্দ মালিনেনি প্ৰযোজিত তেলেগু ছবি 'ক্ৰেক' ৰ বাবে কামত ব্যস্ত হৈ আছে ৷

লগতে পঢ়ক: মিৰ্জাপুৰ-2ত প্ৰতিবন্ধকতা লগাবলৈ দাবী সাংসদ অনুপ্ৰিয়া পেটেলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.