ETV Bharat / sitara

পৰ্বতাৰোহী চিলভিয়া ভাস্কুৱেজ-লাৱাডোৰ বায়’পিকত দেখা পাব ছেলেনা গোমেজক

author img

By

Published : Nov 12, 2020, 4:16 PM IST

মাউণ্ট এভাৰেষ্টৰ শিখৰ স্পৰ্শ কৰা প্ৰথমগৰাকী পেৰুৰ সমলিংগ মহিলা পৰ্বতাৰোহী চিলভিয়া ভাস্কুৱেজ-লাৱাডোৰ বায়’পিকত অভিনয় কৰিব জনপ্ৰিয় গায়িকা তথা অভিনেত্ৰী ছেলেনা গোমেজে ৷ ভাস্কুৱেজ-লাৱাডোৰ চৰিত্ৰৰ ভুমিকা পালন কৰিব ছেলেনাই ৷ ‘‘In the Shadow of the Mountain’’ শীৰ্ষক এই বায়’পিকখন অস্কাৰ বঁটাপ্ৰাপ্ত ডোন্না গিগলিঅ’ট্টি আৰু তেওঁৰ Tempesta Filmsৰ বেনাৰত নিৰ্মাণ কৰা হ’ব ৷

Selena Gomez set to play trailblazing mountaineer Silvia Vasquez-Lavado in biopic
পৰ্বতাৰোহী চিলভিয়া ভাস্কুৱেজ-লাৱাডোৰ বায়’পিকত দেখা পাব ছেলেনা গোমেজক

চিটাৰা ডেস্ক,12 নৱেম্বৰ : হলিউডৰ জনপ্ৰিয় গায়িকা তথা অভিনেত্ৰী ছেলেনা গোমেজে পেৰুৰ পৰ্বতাৰোহী আৰু সমাজ কৰ্মী চিলভিয়া ভাস্কুৱেজ-লাৱাডোৰ জীৱনক লৈ নিৰ্মাণ হ’বলগীয়া বায়’পিকত অভিনয় কৰিব ৷ মায়ানছ এমচিয়ে লিখা আৰু সহ-নিৰ্মাতা এল্গিন জেম্ছে নিৰ্মাণ কৰিবলৈ লোৱা এই বায়’পিকখনত চিলভিয়া ভাস্কুৱেজ-লাৱাডোৰ চৰিত্ৰ ৰূপায়ন কৰিব ছেলেনাই ৷

‘‘In the Shadow of the Mountain’’ শীৰ্ষক ছবিখনত ভাস্কুৱেজ-লাৱাডোৰ একেই নাম ৰাখি তেওঁৰ জীৱন পৰিক্ৰমা দৃশ্যাংকণ কৰা হ’ব ৷ হলিউড সংবাদ মাধ্যমে এই কথা প্ৰকাশ কৰে ৷

ভাস্কুৱেজ-লাৱাডো মাউণ্ট এভাৰেষ্টৰ শিখৰ স্পৰ্শ কৰা কৰা প্ৰথমগৰাকী পেৰুৰ মহিলা ৷ ইয়াৰ লগতে সাতটা পৰ্বতৰ শিখৰত উপস্থিত হোৱা প্ৰথমগৰাকী সমলিংগ মহিলা হৈছে ভাস্কুৱেজ-লাৱাডো ৷

তেওঁৰ জীৱন কাহিনী এটা সম্প্ৰদায়,সহ-ফাইনেন্স কোম্পানীক লৈ সাঙুৰি আছে, যিটো মাইকেল বি জৰ্ডানৰ নাট ‘Mercy’ত প্ৰকাশ পাইছিল ৷ শিশুকালতেই ভাস্কুৱেজ-লাৱাডোৱে মাৰপিট আৰু উপেক্ষাৰ চিকাৰ হৈছিল ৷ পৰৱৰ্তী সময়ত পৰ্বত আৰোহণৰ সময়ত তেওঁ শক্তি ঘূৰাই পাইছিল ৷

অস্কাৰ বঁটাপ্ৰাপ্ত ডোন্না গিগলিঅ’ট্টি আৰু তেওঁৰ Tempesta Filmsৰ বেনাৰত নিৰ্মাণ কৰা হ’ব এই বায়’পিকখন ৷

লগতে পঢ়ক : তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে সম্প্ৰচাৰ কৰিব অনলাইন ছবিসহ ডিজিটেল সংবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.