চিটাৰা ডেস্ক, 26 আগষ্ট : বলিউড জগতত 33 টা বছৰ সম্পূৰ্ণ কৰিলে বক্স অফিচৰ চুলতান ছলমান খানে ৷ বলিউড জগতৰ এই সফলতাৰ পাচতে বিখ্যাত অভিনেতা গৰাকীৰ নামটো এতিয়া সামাজিত মাধ্যমৰ হেজটেগ টেণ্ডত পৰিণত হৈছে ৷ ভাৰতৰ লগতে আন কেইবাখনো দেশত টুইটাৰৰ শীৰ্ষ হেজটেগ ট্ৰেণ্ড হৈছে #33YearsOfSalmanKhanEra ৷
বক্স অফিচৰ চুলতান গৰাকী ব্যস্ত এতিয়া "টাইগাৰ ৩"ৰ চিত্ৰগ্ৰহণত ৷ ৰাছিয়াত চলি আছে "টাইগাৰ ৩"ৰ চিত্ৰগ্ৰহণ ৷ ছলমান খানে বলিউডত প্ৰথম খোজ দিছিল Biwi Ho To Aisi (1988) ছবিখনৰ জৰিয়তে ৷ Biwi Ho To Aisi (1988) ছবিখনত ছলমান খানে প্ৰথমে সহ শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ ছবিখনৰ মুখ্য চৰিত্ৰত আছিল ৰেখা আৰু ফাৰুক শ্বেখ ৷ ৰেখাৰ ভায়েকৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমান খানে ৷
লগতে পঢ়ক : 'শ্বেৰশ্বাহ': কংগনা ৰাণাৱটে প্ৰশংসাৰে ওপচালে কৰণ জোহৰক !
ছলমান খানৰ জীৱনৰ দ্বিতীয়খন ছবি আছিল Maine Pyar Kiya (১৯৮৯) ৷ ছলমানখানৰ বহু অনুৰাগীয়ে এতিয়াও ভাৱে যে, Maine Pyar Kiya ছবিখন হৈছে ছলমান খানৰ প্ৰথমখন ছবি ৷ নহয় Maine Pyar Kiya ত প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ছলমান খানে ৷ সেই সময়ত সকলোৰ জনপ্ৰিয় এই ছবিখনে সৰ্বাধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷
ছলমান খানে 33 বছৰীয়া এই বলিউড যাত্ৰাত অসংখ্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ যাৰ ভিতৰত আছে চলচ্চিত্ৰ প্ৰযোজক হিচাপে দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু অভিনয়ৰ বাবে দুটাকৈ ফিল্মফেয়াৰ বঁটা । ব্যৱসায়িকভাৱে ভাৰতীয় চলচ্চিত্ৰৰ আটাইতকৈ সফল অভিনেতা গৰাকীয়ে হৈছে ছলমান খান ৷
লগতে পঢ়ক: KRK ৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিলে মনোজ বাজপেয়ীয়ে
দেশৰ অন্যতম চুপাৰষ্টাৰ ছলমান খানৰ 33 বছৰীয়া এই বলিউড যাত্ৰাক লৈ সামাজিক মাধ্যমত অভিনন্দন জ্ঞাপন কৰিছে অসংখ্য অনুৰাগীয়ে ৷ যাৰ বাবে টুইটাৰত এতিয়া এটাই ট্ৰেণ্ড #33YearsOfSalmanKhanEra ৷ এজন অনুৰাগীয়ে টুইটাৰত লিখিছে, "ছলমান এজন চুপাৰষ্টাৰ, যিগৰাকীয়ে প্ৰকৃততে কেতিয়াও সংবাদ মাধ্যমত তেওঁৰ কৃতিত্ব সম্প্ৰচাৰ কৰা নাই । ছলমান খান হৈছে, 'People Made Star not PR Made Like our GigaStar Srk sor ৷'
আন এগৰাকী অনুৰাগীয়ে টুইটাৰত লিখিছে, ছলমান খানক ভাল পাওঁক বা ঘৃণা কৰক ; কিন্তু তেওঁক কেতিয়াও উপেক্ষা কৰিব নোৱাৰে ৷ এটা কথা স্পষ্ট যে, ছলমান খানৰ সমালোচকতকৈ অনুৰাগীৰ সংখ্যা অধিক ৷ চলচ্চিত্ৰৰ জৰিয়তে তুলনাবিহীন অভিলেখ গঢ়ি থৈছে ছালমান খানে ৷
লগতে পঢ়ক: কিয়াৰা আদৱানী ট্ৰ'লৰ সন্মুখীন হ'লে কি কৰে পিতৃ-মাতৃয়ে ?