ETV Bharat / sitara

জুনৰ পৰা পুনৰ ছবি প্ৰদৰ্শিত হ'ব বেভাৰ্লি চিনেমাত - কুৱেণ্টিন টাৰাণ্টিন

১ জুনৰ পৰা পুনৰ লছ এঞ্জেলছস্থিত কুৱেণ্টিন টাৰাণ্টিন'ৰ বেভাৰ্লি চিনেমাত প্ৰদৰ্শিত হ'ব ছবি । ক'ভিড-১৯ মহামাৰীৰ বাবে বন্ধ হৈ থকা ছবিগৃহ পুনৰ খুলিবলৈ অনুমতি দিয়াৰ ২ মাহ পাচত পুনৰ ছবি প্ৰদৰ্শনৰ বাবে সাজু হোৱাৰ কথা ঘোষণা কৰে ছবিগৃহ কৰ্তৃপক্ষই ।

New Beverly Cinema is all set to reopen in June
জুনৰ পৰা পুনৰ ছবি প্ৰদৰ্শিত হ'ব বেভাৰ্লি চিনেমাত
author img

By

Published : May 3, 2021, 5:50 PM IST

চিটাৰা ডেস্ক, ৩ মে': ক'ভিড-১৯ প্ৰটকল মানি, আসনৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনা পালন কৰি ১ জুনৰ পৰা পুনৰ ছবি প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লৈছে লছ এঞ্জেলছস্থিত কুৱেণ্টিন টাৰাণ্টিন'ৰ বেভাৰ্লি চিনেমাই । শনিবাৰে ডিজিটেল সংবাদ গোষ্ঠী দ্য হলিউড ৰিপ'ৰ্টাৰে জনোৱা মতে, ১ জুনৰ পৰা পুনৰ খুলিব বেভাৰ্লি চিনেমা । অৱশ্যে এই সন্দৰ্ভত অধিক তথ্য প্ৰকাশ কৰা হোৱা নাই ।

১৯২৯ চনত স্থাপিত প্ৰথম ছবিগৃহটো ১৯৭৮ চনত প্ৰয়াত শ্বেৰমান টৰ্গানে ক্ৰয় কৰে । ২০০৭ চনত পিতৃপুৰুষ তথা ছবিগৃহটোৰ প্ৰশাসকৰ অপ্ৰত্যাশিত মৃত্যুৰ পাচত, টাৰেণ্টিন'ৱে পুনৰ বিকাশৰ পৰা ৰক্ষা কৰিবলৈ এক উপায় হিচাপে এই সম্পত্তি ক্ৰয় কৰে । অস্কাৰ বিজয়ী প্ৰযোজক টাৰাণ্টিন'ই দ্য হলিউড ৰিপ'ৰ্টাৰৰ আগত প্ৰকাশ কৰা মতে, এই ছবিগৃহটোক আন এক ৰূপ দিয়াৰ পৰিকল্পনা কৰা হৈছিল ।

তেওঁ লগতে কয় যে, তেওঁ ১৯৮২ চন মানৰ পৰাই ছবিগৃহটোলৈ গৈছিল আৰু সেয়েহে ছবিগৃহটো এনেদৰে নিঃশেষ হৈ যোৱাটো তেওঁ মানি ল'ব পৰা নাছিল । দ্য হলিউড ৰিপ'ৰ্টাৰৰ মতে, টাৰাণ্টিন'ই নিউ বেভাৰ্লি চিনেমাত মাহৰ পাচত মাহ ধৰি সময় কটাইছিল । টাৰাণ্টিন'ৰ মতে, তেওঁ যেতিয়ালৈকে জীয়াই থাকিব আৰু যেতিয়ালৈকে ধনী হৈ থাকিব, নিউ বেভাৰ্লি একে স্থানতে থাকিব ।

যোৱা মাৰ্চ মাহত, নিউ বেভাৰ্লি চিনেমা কৰ্তৃপক্ষৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল যে, মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে ছবিগৃহ বন্ধ হৈ থাকিব । টীকাকৰণ অভিযান অব্যাহত থকাৰ সময়ত সংক্ৰমণ হ্ৰাস হোৱা ছবিগৃহবোৰ পুনৰ খোলাৰ অনুমতি দিয়া হয় । অনুমতি দিয়াৰ ২ মাহ পাচত এতিয়া বেভাৰ্লি চিনেমা পুনৰ খোলাৰ বাবে সাজু হৈছে ।

লগতে পঢ়ক:'ফ'ৰ গুড ডেইজ' সন্দৰ্ভত গ্লেন ক্লোজ আৰু মিলা কুনিছৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.