ETV Bharat / sitara

মুক্তিৰ পূৰ্বে বিতৰ্কত অক্ষয় কুমাৰ অভিনীত ছবি 'পৃথ্বীৰাজ'

author img

By

Published : Jun 13, 2021, 11:01 PM IST

'পৃথ্বীৰাজ' নামটোকলৈ অসন্তুষ্ট অখিল ভাৰতীয় ক্ষত্ৰিয় মহাসভা । সংগঠনটোৰ মতে যশ ৰাজ প্ৰযোজিত আৰু চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ দ্বাৰা পৰিচালিত ছবি 'পৃথ্বীৰাজ' মহান হিন্দু সম্ৰাটগৰাকীৰ প্ৰতি অপমান । অখিল ভাৰতীয় ক্ষত্ৰিয় মহাসভাই ছবিখনৰ শিৰোনাম তাৎক্ষণিকভাৱে সলনি কৰাৰ দাবী জনাইছে ।

Prithviraj
বিতৰ্কত অক্ষয় কুমাৰ অভিনীত ছবি পৃথ্বীৰাজ

চিটাৰা ডেস্ক, ১৩ জুন: মুক্তিৰ পূৰ্বেই বিতৰ্কত অক্ষয় কুমাৰ অভিনীত ছবি 'পৃথ্বীৰাজ'(Prithviraj) ৷ ছবিখনৰ 'পৃথ্বীৰাজ' নামটোকলৈ অসন্তুষ্ট অখিল ভাৰতীয় ক্ষত্ৰিয় মহাসভা(Akhil Bhartiya Kshatriya Mahasabha) । ইয়াৰ দ্বাৰা মহান শাসকগৰাকীক অপমান কৰা বুলি অভিহিত কৰিছে মহাসভাই ।

সংগঠনটোৰ যুৱ শাখাৰ মুৰব্বী শান্তনু চৌহানে কোৱা মতে ৰাষ্ট্ৰ আৰু হিন্দু ধৰ্মক সুৰক্ষা দিয়া মহান সাহসী যোদ্ধা সম্ৰাট পৃথ্বীৰাজ চৌহানৰ অপমান ভাৰতৰ প্ৰতিজন নাগৰিকৰ বাবে অপমানজনক । তেওঁৰ মতে যশ ৰাজ (Yash Raj ) প্ৰযোজিত আৰু চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ দ্বাৰা পৰিচালিত ছবি 'পৃথ্বীৰাজ' মহান হিন্দু সম্ৰাটগৰাকীৰ প্ৰতি অপমান । এনে এগৰাকী মহান যোদ্ধা আৰু ভাৰতৰ এগৰাকী সাহসী পুত্ৰক তেওঁৰ সম্পূৰ্ণ নামেৰে সম্বোধন নকৰাটো নিন্দনীয় আৰু অপমানজনক বুলিও কয় সংগঠনটোৱে ।

অখিল ভাৰতীয় ক্ষত্ৰিয় মহাসভাই ছবিখনৰ শিৰোনাম তাৎক্ষণিকভাৱে সলনি কৰাৰ দাবী জনাইছে আৰু ক্ষত্ৰিয় সমাজৰ জ্যেষ্ঠ প্ৰতিনিধিসকলৰ দ্বাৰা চিত্ৰনাট্য অনুমোদিত হ'ব লাগিব আৰু মুক্তিৰ আগতে ছবিখনৰ প্ৰদৰ্শনো কৰিব লাগিব আনহাতে আপত্তিজনক আৰু বিকৃত তথ্য আঁতৰাব লাগিব বুলি দাবী জনাই সংগঠনটোৱে ।

টিভি শৃংখলা চাণক্যৰ(Chanakya) বাবে পৰিচিত চলচ্চিত্ৰ নিৰ্মাতা চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ (Chandraprakash Dwivedi) মতে তেওঁৰ চলচ্চিত্ৰৰ কাহিনী মহাকাব্য পৃথ্বীৰাজ ৰাচোৰ (Prithviraj Raso) ওপৰত আধাৰিত । তেওঁৰ মতে পৃথ্বীৰাজ মূলত মধ্যযুগীয় সাহিত্য মহান কবি চান্দ বৰদৈৰ পৃথ্বীৰাজ ৰাচো নামৰ এক মহাকাব্যৰ ওপৰত আধাৰিত । ৰাচোৰ কেইটামান সংস্কৰণৰ উপৰিও পৃথ্বীৰাজৰ জীৱন আৰু সময়ৰ ওপৰত আন বহুতো সাহিত্য ৰচনা আছে । এইবোৰৰ উপৰিও ৰাচোৰ ওপৰত মন্তব্য আছে ছবিখনত ।

'পৃথ্বীৰাজ' নিৰ্ভীক আৰু পৰাক্ৰমী ৰজা পৃথ্বীৰাজ চৌহানৰ জীৱনৰ ওপৰত আধাৰিত । অক্ষয় কুমাৰে সেইগৰাকী মহান যোদ্ধাৰ চৰিত্ৰত অভিনয় কৰিছে । আনহাতে সান্যোগিতাৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰাক্তন বিউটি কুইন মানুশী চিল্লাৰে ।

লগতে পঢ়ক:ৰাজনীতিত প্ৰৱেশ কৰিব নেকি বলীউডৰ বাদশ্বাহে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.