ETV Bharat / sitara

জন্মদিনৰ দিনটোত ৰাধেশ্যামক লৈ প্ৰভাসে কৰিব বিশেষ ঘোষণা

author img

By

Published : Oct 17, 2020, 6:53 PM IST

অক্টোবৰ 23 তাৰিখে 41 সংখ্যক জন্মদিন পালনৰ বাবে সাজু বাহুবলী খ্যাত প্ৰভাস ৷ জন্মদিনতেই তেওঁৰ দ্বাৰা অভিনীত নতুন ছবি ৰাধেশ্যামক লৈ অভিনেতা গৰাকীয়ে কৰিব এক বিশেষ ঘোষণা ৷ অনুৰাগী সকলক দিনটোলৈ অপেক্ষা কৰিবলৈ সামাজিক মাধ্যমৰ জড়িয়তে আহ্বান অভিনেতা গৰাকীৰ ৷

ৰাধেশ্যামক লৈ প্ৰভাসৰ বিশেষ ঘোষণা
ৰাধেশ্যামক লৈ প্ৰভাসৰ বিশেষ ঘোষণা

নেশ্যনেল ডেস্ক, 17 অক্টোবৰ: অক্টোবৰ 23 তাৰিখে 41 বছৰীয়া হ'ব তেলেগু নায়ক প্ৰভাস ৷ তেওঁৰ দ্বাৰা অভিনীত নতুন ছবি ৰাধেশ্যামক লৈ জন্মদিনত অভিনেতা গৰাকীয়ে কৰিব এক বিশেষ ঘোষণা ৷ মাথো #BeatsOfRadheShyam বুলি টেগ কৰা এই ঘোষণা কি হ'ব পাৰে এই লৈ এতিয়ালৈকে কোনো কথা প্ৰকাশ কৰা হোৱা নাই ৷ প্ৰভাসৰ এই ঘোষণাক লৈ এতিয়া তেওঁৰ অনুৰাগী সকল উৎসুক হৈ পৰিছে ৷ এই বিশেষ দিনটোত ছবি খনৰ সংগীত মুক্তি দিয়া হ'ব নে কোনো বিশেষ গীত মুক্তি দিয়া হ'ব সেই লৈ এতিয়া অনুৰাগী সকলৰ মাজত চৰ্চা চলিছে ৷ ইনষ্টাগ্ৰামত ছবিখনৰ এখন পোষ্টাৰ আপলোড কৰি প্ৰভাসে এই বাতৰি প্ৰাকাশ কৰে ৷ তেওঁ লিখিছে, "Feel the #BeatsOfRadheShyam on 23rd October through a motion poster. Stay tuned!"

ছবিখনৰ বিষয় সন্দৰ্ভত কঠোৰ ভাৱে গোপনীয়তা পালন কৰা হৈছে যদিও ইউৰোপত হোৱা এক মহাকাব্যিক প্ৰেম কাহিনীক লৈ ছবিখন নিৰ্মাণ কৰা হৈছে বুলি কোৱা হৈছে ৷ ছবিখনত প্ৰভাসৰ বিপৰীতে পূজা হেগডেই অভিনয় কৰিছে ৷ বহুভাষিক প্ৰকল্পৰে নিৰ্মিত ছবিখন হিন্দী, তেলেগু, মালায়ালম আৰু কানাড়া ভাষাত মুক্তি লাভ কৰিব ৷ ৰাধা কৃষ্ণ কুমাৰৰ কাহিনী আৰু প্ৰযোজনাৰে নিৰ্মিত ছবিখন 2021 ত মুক্তি লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক:অসুস্থতাৰ পাচত পুনৰ শ্বুটিঙলৈ উভতিল সঞ্জয় দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.