ETV Bharat / sitara

অসমীয়া বোলছবিৰ তাৰকা অভিনেতা নিপন গোস্বামীলৈ জন্মদিনৰ শুভেচ্ছা - অভিনেতা নিপন গোস্বামীলৈ জন্মদিনৰ শুভেচ্ছা

সৰুৰে পৰা সাংস্কৃতিক পৰিৱেশৰ এটাৰ মাজত ডাঙৰ-দীঘল হোৱা নিপন গোস্বামীয়ে বাণ ৰঙ্গমঞ্চত নিয়মিত ভাৱে চলি থকা নাটক চায়েই অভিনয়ৰ প্ৰতি আগ্ৰহী হৈছিল । মাত্ৰ 8/9 বছৰ বয়সতে মঞ্চত অভিনয় কৰিছিল নিপন গোস্বামীয়ে ৷ অসমীয়া বোলছবি জগতৰ তাৰকা অভিনেতা সকলৰ ভিতৰত অন্যতম নিপন গোস্বামীক জন্মদিনৰ এই দিনটোত ইটিভি ভাৰতৰ তৰফৰ পৰা সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কমনা কৰিলো...

niapn goswami birthday
অসমীয়া বোলছবিৰ তৰকা অভিনেতা নিপন গোস্বামীলৈ জন্মদিনৰ শুভেচ্ছা
author img

By

Published : Sep 3, 2021, 7:33 AM IST

Updated : Sep 3, 2021, 8:00 AM IST

চিটাৰা ডেস্ক, 3 ছেপ্তেম্বৰ : অসমীয়া বোলছবিৰ ‘তাৰকা অভিনেতা’ৰ শাৰীৰ মুষ্টিমেয় কেইজনমানৰ ভিতৰত অন্যতম হ’ল জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী ৷ স্কুলত পঢ়ি থকা দিনতে প্ৰথমবাৰৰ বাবে অভিনয় জগতত খোজ পেলাইছিল নিপন গোস্বামীয়ে ৷ 1957 চনত মুক্তিপ্ৰাপ্ত ফনি শৰ্মাৰ পৰিচালিত ছবি ‘পিয়লি ফুকন’ত শিশুশিল্পী হিচাপে ভুমুকি মাৰিছিল নিপন গোস্বামীয়ে ৷

niapn goswami birthday
সৌজন্য Google

নিপন গোস্বামীৰ জন্ম হৈছিল 1947 চনৰ ছেপ্তেম্বৰ মাহত ৷ তেখতৰ পিতৃ আছিল বিখ্যাত অভিনেতা চন্দ্ৰধৰ গোস্বামী আৰু মাতৃ আছিল কন্ঠশিল্পী নিৰুপমা গোস্বামী ৷ সাংস্কৃতিক পৰিৱেশ এটা নিপন গোস্বামীয়ে ঘৰতে পাইছিল ৷ পিতৃ চন্দ্ৰধৰ গোস্বামীকে ধৰি পাঁচো জন খুৰাকেই আছিল অভিনয়ৰ লগত জড়িত আছিল । বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আছিল তেখেতৰ চুবুৰীয়া ৷ বাণ ৰঙ্গমঞ্চত নিয়মিত ভাৱে চলি থকা নাটক চায়েই তেখেত অভিনয়ৰ প্ৰতি আগ্ৰহী হৈছিল ।

niapn goswami birthday
সৌজন্য Google

কলিবাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষাজীৱনৰ পাতনি মেলা গোস্বামীয়ে পৰৱৰ্তী সময়ত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে ৷

স্নাতক পৰীক্ষা সম্পূৰ্ণ কৰিয়েই নিপন গোস্বামীয়ে কলিকতালৈ গৈ পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত (FTII) নামভৰ্তিৰ বাবে ইণ্টাৰভিউ দিয়ে । ১৯৬৫ চনত তেওঁ পুনেলৈ অভিনয়ৰ প্ৰশিক্ষণৰ বাবে যায় । সুভাষ ঘাই, শত্ৰুঘ্ন সিন্‌হা, নবীন নিশ্চল, জালাল আগা, ৰেহেনা চুলতানা, ৰাকেশ পাণ্ডে আদি FTII তেখেতৰ সহপাঠী আছিল ।

niapn goswami birthday
সৌজন্য Google

বলিউডৰ অভিনেতা আচৰাণী আছিল অগ্ৰজ আৰু বলিউডৰ ডেনী আৰু জয়া ভাদুৰী তেখেতৰ কনিষ্ঠ আছিল । পুনে ফিল্ম ইনষ্টিটিউট'ৰ শিক্ষা গ্ৰহণ কৰি থাকোঁতেই নিপন গোস্বামীয়ে অমৰ পাঠকৰ 'সংগ্ৰাম' বোলছবিত অভিনয়ৰ বাবে আমন্ত্ৰণ পায় । সেই আমন্ত্ৰণ মৰ্মেই নিপন গোস্বামীয়ে 'সংগ্ৰাম' বোলছবিত প্ৰথমে নায়কৰ চৰিত্ৰত অভিনয় কৰে ।

niapn goswami birthday
সৌজন্য Google

সংগ্ৰাম'ৰ পাছতে নায়ক হিচাপে তেখেতে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত 'ডক্তৰ বেজবৰুৱা' ছবিত অভিনয় কৰে । ১৯৮১ চনৰ আজলী নবৌৰ পাছৰেপৰা নিপন গোস্বামীয়ে নায়কৰ লগতে চৰিত্ৰাভিনয়ো কৰিবলৈ লয় । অভিনয় ক্ষেত্ৰখনত বৰ্তমানো সক্ৰিয় হৈ থকা অভিনেতাগৰাকীয়ে 100 ৰো অধিক ছবিত অভিনয় কৰিছে ৷ অসমীয়া ভাষাৰ উপৰিও নিপন গোস্বামীয়ে হিন্দী আৰু বামলা ছবিতো অভিনয় কৰিছে ৷

বোলছবিত অভিনয় কৰাৰ সমান্তৰালভাৱে তেওঁ ভ্ৰাম্যমানতো নিজৰ অভিনয় দক্ষতা দেখুৱাই আহিছে ৷ কহিনুৰ, আৱাহন, হেঙুল আৰু শকুন্তলা থিয়েটাৰত অভিনয় কৰিছে । ভ্ৰাম্যমাণৰ জনপ্ৰিয় নাটক 'অসীমত যাৰ হেৰাল সীমা' ৰ 'চন্দন'ৰ চৰিত্ৰত তেখেতে অভিনয় কৰিছিল ।

niapn goswami birthday
সৌজন্য Google

অভিনয়ৰ উপৰিও মুনিন বৰুৱাৰ লগত যৌথ ভাৱে তেখেতে 'প্ৰতিমা' নামৰ বোলছবিখন পৰিচালনা কৰিছিল । তেওঁক 2021 চনৰ ভৱেন বৰুৱা বঁটাৰ বাবে মনোনীত কৰা হৈছে ৷

লগতে পঢ়ক : কেনেকৈ অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল ইণ্টেৰিঅ'ৰ ডিজাইনাৰ সিদ্ধাৰ্থ শুক্লাই ?

Last Updated : Sep 3, 2021, 8:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.