চিটাৰা ডেস্ক,7 এপ্ৰিল: বুধবাৰে অকাল মৃত্যুক সাৱটি লয় ছত্তিশগড়ৰ প্ৰসিদ্ধ সংগীত পৰিচালক কল্যাণ সেনে ৷ ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু হয় সংগীত পৰিচালক গৰাকীৰ ৷ বলিউডৰ বিখ্যাত কণ্ঠশিল্পী লতা মংগেশকাৰৰ সৈতেও কণ্ঠ নিগৰাইছিল কল্যাণ সেনে ৷
![Kalyan Sen died in Corona](https://etvbharatimages.akamaized.net/etvbharat/prod-images/cg-rpr-01-kalyan-sen-death-7203517_07042021122448_0704f_1617778488_247.jpg)
ছত্তিশগড়ৰ স্থানীয় ছবিত সংগীত পৰিচালনা লগতে বলীউডতো কাম কৰিছিল এইগৰাকী সংগীত পৰিচালকে ৷ কল্যাণ সেন বিশেষকৈ শাস্ত্ৰীয় সংগীতৰ গুৰু আছিল ৷ তেওঁৰ মৃত্যুত ছত্তিশগড়ৰ চলচ্চিত্ৰ জগতৰ লগতে বলীউডতো পৰিছে শোকৰ ছাঁ ৷
![Kalyan Sen died in Corona](https://etvbharatimages.akamaized.net/etvbharat/prod-images/cg-rpr-01-kalyan-sen-death-7203517_07042021122448_0704f_1617778488_344.jpg)
লগতে পঢ়ক : সুশান্ত সিং ৰাজপুতৰ ওপৰত ছবি নিৰ্মান কৰিব ৰাম গোপাল বাৰ্মাই