ETV Bharat / sitara

অক্ষয় কুমাৰ সৈতে পৃথ্বীৰাজৰ ছেটত আহিবলৈ পাই উৎসুক মানুষী চিল্লাৰ

author img

By

Published : Oct 16, 2020, 7:59 PM IST

অক্ষয় কুমাৰৰ সৈতে একেখন ছেটতে কাম কৰিবলৈ অতি উৎসুক হৈ আছিল মানুষী চিল্লাৰ ৷ এক প'ষ্টযোগে এই বিষয়ে জানিবলৈ দিয়ে আগন্তুক ঐতিহাসিক ছবি পৃথ্বীৰাজৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ লোৱা অভিনেত্ৰী গৰাকীয়ে ৷

মানুষী চিল্লাৰ
মানুষী চিল্লাৰ

চিটাৰা ডেস্ক, 16 অক্টোবৰ: প্ৰাক্তন বিউটী কুইন আৰু বৰ্তমান বলীউডত আত্মপ্ৰকাশ কৰা মানুষী চিল্লাৰে,চুপাৰষ্টাৰ অক্ষয় কুমাৰৰ সৈতে একেখন ছেটতে কাম কৰাৰ বাবে অতি উৎসুক হৈ আছিল বুলি জানিবলৈ দিয়ে ৷ মানুষীয়ে আগন্তুক ঐতিহাসিক ছবি পৃথ্বীৰাজত অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰি বলীউডত আত্মপ্ৰকাশ কৰে ৷

"মই পৃথ্বীৰাজৰ ছেটত উভতি অহাৰ বাবে ৰোমাঞ্চিত হৈ পৰিছো ৷ কিয়নো মই ছেটত কাম কৰা জীৱনটো পাহৰিয়েই গৈছিলো ৷ মই প্ৰতিদিনেই শ্বুটিঙৰ বাবে তৎপৰ হৈ থাকো, কিয়নো মই এইটো ভাল পাও ৷ মই বহু উৎসুক হৈ পৰিছিলো অক্ষয় ছাৰৰ সৈতে একেটা ছেটত থকাৰ বাবে ৷ কিয়নো মই তেওঁৰ পৰা বহুখিনি আয়ত্ব কৰিছো আৰু শিকিবলৈ বহুত আছে ৷" মানুষীয়ে এনেদৰে উল্লেখ কৰে ৷

মানুষীয়ে ইয়াৰোপৰি কয় যে, অক্ষয় কুমাৰে তেওঁৰ কামৰ ক্ষেত্ৰত বহুত উৎসাহ প্ৰদান কৰে,যাৰ বাবে তেওঁ অক্ষয় কুমাৰৰ ওচৰত চিৰ কৃতজ্ঞ ৷ পৃথ্বীৰাজ চিনেমাখন পৃথ্বীৰাজ চৌহানৰ জীৱন আৰু বীৰত্বৰ ওপৰত আধাৰিত ৷ কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পূৰ্বেই ছবিখনৰ ভালে সংখ্যক দৃশ্যগ্ৰহণ সমাপ্ত কৰা হৈছে ৷

চিনেমা খনৰ নিৰ্দেশক চন্দ্ৰপ্ৰকাশ দ্বিবেদী,যিয়ে টেলিভিশ্যনত সম্প্ৰচাৰিত মহাকাব্য চাণক্য আৰু পিৰিয়ড ড্ৰামা পিঞ্জৰক শিহৰণ প্ৰদান কৰিছিল ৷

লগতে পঢ়ক: চেইফৰ সৈতে সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিণাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.