ETV Bharat / sitara

ব্যস্ততা সন্দৰ্ভত মনোভাৱ ব্যক্ত কৃতি সেননৰ - বচ্চন পাণ্ডে

নিজৰ ব্যস্ততা সন্দৰ্ভত মনোভাৱ ব্যক্ত কৰিলে কৃতি সেননে ৷ ভয়ে প্ৰায়েই পাছলৈ টানিলেও কৰি থকা কামৰ উদ্দেশ্য স্পষ্ট হোৱাৰ পাছত আৰু ভয় নাথাকে বুলি মন্তব্য কৃতি সেননৰ ৷ ভুলৰ আশংকাত ভয় খোৱাতকৈ ভালৰ আশা কৰো বুলি মন্তব্য সেননৰ ৷

Kriti Sanon new movie
Kriti Sanon new movie
author img

By

Published : Feb 25, 2021, 2:01 PM IST

চিটাৰা ডেস্ক,25 ফেব্ৰুৱাৰী: বলীউডৰ অভিনেত্ৰী কৃতী সেননৰ বাবে এটা ব্যস্ততাপূৰ্ণ বছৰে অপেক্ষা কৰি আছে ৷ মুক্তিৰ অপেক্ষাত থকা পাঁচখনকৈ ছবিৰ লগতে অভিনেত্ৰী গৰাকীৰ বহুকেইটা প্ৰজেক্ট প্ৰডাকশ্যনৰ বেলেগ বেলেগ স্তৰত আছে ৷ এইসমূহৰ মাজত বৃহৎ প্ৰডাকশ্যন হাউচ আৰু নতুন শৈলীৰ ছবিৰ লগতে অনুৰাগীসকলে বিচৰা ধৰণৰ ব্যৱসায়িক ছবিও অন্তৰ্ভুক্ত হৈ আছে ৷

আহিবলগীয়া মাহ সমূহত বচ্চন পাণ্ডে, মিমি, আদিপুৰুষ, ভেডিয়া, গণপথ আদি বিভিন্ন ছবিত সেননক দেখিবলৈ পোৱা যাব ৷ অভিনেত্ৰী গৰাকীৰ ব্যস্ততা দেখিলে সকলোৰে মনলৈ এই ধাৰণা অহাই স্বাভাৱিক যে, কামৰ এনে হেঁচাই হয়তো অভিনেত্ৰী গৰাকীক ব্যতিব্যস্ত কৰি তুলিছে ৷ সম্ভৱতঃ ভয় খাবলৈ বা কামৰ হেঁচা অনুভৱ কৰিবলৈও অভিনেত্ৰীগৰাকীৰ সময়ৰ অভাৱ ৷

অৱশ্যে কৃতিৰ এই ব্যস্ততাক লৈ বহুজনে বহু কথা ধাৰণা কৰিলেও এই সন্দৰ্ভত কৃতিয়ে নিজৰ মনৰ কথা প্ৰকাশ কৰিছে ৷ কৃতিয়ে সংবাদ মাধ্যমক জনাই যে, ভয়ে প্ৰায়েই তেওঁক পাছলৈ টানে ৷ কিন্তু তেওঁ এবাৰ যেতিয়া বুজি পাই যে তেওঁ কিহৰ বাবে এটা প্ৰজেক্ট কৰিছে তাৰ পাছৰ পৰা আৰু তেওঁক আৰু ভয়ে নেখেদে ৷

কৃতিয়ে কয়, "মই নাভাৱো তুমি ভয় খাবা, তুমি সতৰ্ক হ'বা আৰু তথাপিও কেৰিয়াৰত আগুৱাই যাবা ৷ এবাৰ যেতিয়া মই জানো যে মই কিয় প্ৰজেক্টটো কৰিছো তাত আৰু কোনো ভয় নাথাকে ৷ তুমি ছবিখন ভাল পাবা, কাহিনীটো ভাল পাবা আৰু দৃশ্যও ভাল পাবা ৷ তুমি জানা তুমি পৃথক কিবা এটা কৰি আছা ৷ কথাটো এনেধৰণৰো হ'ব পাৰে যে, তুমি পৰীক্ষামূলকভাৱে কামটো কৰিছা ৷ কিন্তু সেইটোও এটা কাৰণ যাৰ বাবে তুমি কামটো কৰিছা ৷"

কৃতিয়ে এই কথাও জানিবলৈ দিয়ে যে, বৰ্তমান তেওঁ কাম কৰি থকা আটাইকেইখন ছবিৰ উপৰতে তেওঁৰ বিশ্বাস আছে ৷ ইয়াৰ উপৰিও নিজৰ কামটোৰ বাবে কষ্ট কৰাটো তেওঁ নিজৰ দায়িত্ব বুলিও ভাৱে বুলি সেননে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ তেওঁ কয় যে, "এইটো ভুল হ'ল নেকি বা ভুল হ'ব নেকি, এনেধৰণৰ কথাত মই চিন্তা কৰিব নোখোজো, তাৰ পৰিৱৰ্তে মই সকলোবোৰ ভাল হ'ব বুলিহে ভাবো ৷ "

লগতে পঢ়ক: আলিয়া ভাট অভিনীত 'গংগুবাই কাথিয়াৱাড়ী'ৰ টিজাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.